নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতাভ-ছলমানে পিছুৱালে, কোন ডনৰ বিৰুদ্ধে সাক্ষী দিলে প্ৰীতিয়ে

বলীউডত প্রীতি জিণ্টাৰ ইমেজ কিছু বেলেগ। কিন্তু, বাস্তৱত? আণ্ডাৰৱার্ল্ডৰ ডনৰ বিৰুদ্ধে মুখ খুলি সংবাদ শিৰোণামত আহিছিল বলীউডৰ ডিম্পল গাৰ্ল। সেয়াও কোনো সাধাৰণ ডন নাছিল, আছিল ছোটা শাকিল।

৩১ জানুৱাৰীত ৪৭ বছৰত ভৰি থলে প্রীতিয়ে। যদিও আজিকালি ছবিৰ পর্দাত প্রীতিক দেখা নাযায়, তথাপিও জনপ্ৰিয়তা একেই আছে। পাঞ্জাৱ কিংছৰ অন্যতম মালিক আইপিএলতে বেছিকৈ দপদপনি দেখা য়ায মোহময়ী অভিনেত্ৰীগৰাকীক। প্রীতিয়ে যে ছোটা ছাকিলৰ দৰে ডনৰ বিৰুদ্ধেও মুখ খুলিব পাৰে, সেয়া বহুতেই আশা কৰিব নোৱাৰে।

২০০১চনৰ কথা। ‘চোৰী চোৰী চুপকে চুপকে’ছবিৰ শ্বুটিং চলি আছিল। ছলমান খানৰ সৈতে আছিল প্রীতি জিণ্টা। তেনে সময়ত প্রীতিলৈ মোটা অংকৰ ধন বিচাৰি ফোন আহে। অচিনাকী নম্বৰৰ পৰা ফোন কৰি ৫০ লাখৰো বেছি ধন দাবী কৰে বুলি অভিযোগ প্রীতিৰ। মুম্বাইৰ আদালতত এই দাবীয়ে কৰে। অভিযোগ ছোটা ছাকিলৰ বিৰুদ্ধে। আদালতত ছোটা ছাকিলসহ মাফিয়াৰ বিৰুদ্ধে সাক্ষ্যও দিয়ে। এই কথা নিজেই কৈছে প্ৰীতিয়ে।

ছোটা ছাকিলৰ বিৰুদ্ধে প্রীতিয়ে আদালতত নমাৰ সাহ ৰাখিলেও তেনে কৰা নাই অমিতাভ বচ্চন, ছলমান খান, ৰাকেশ ৰোশন তথা মহেশ মাঞ্জৰেকাৰে। শুনা যায়, তেওঁলোকেও ছোটা ছাকিলৰ হুমকিভৰা ফোন পাইছিল যদিও আদালতত বিবৃতি দিয়াৰ ঠিক আগেয়ে পিছ হুহকি আহে তেওঁলোক।

You might also like