আজি দ্বিতীয় টি–২০: শৃংখলা দখলৰ লক্ষ্য ভাৰতীয় দলৰ
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ প্রথম টি–২০ত ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াই আজি শৃংখলা জয়ৰ লক্ষ্যৰে দ্বিতীয় টি–২০ত খেলপথাৰত নামিব৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’বলগীয়া মেচখনত প্রাক্তন অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলিৰ ওপৰত পুনৰ এবাৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব৷ শেহতীয়া চাৰিখন মেচত ক্রমে ৮, ১৮, ০ আৰু ১৭ ৰানহে সংগ্রহ কৰিবলৈ সক্ষম হোৱা তাৰকাগৰাকীৰ বেটৰ পৰা বিস্ফোৰক ইনিংছ উপভোগ কৰিবলৈ ক্রিকেট অনুৰাগীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷
ইফালে, প্রথম টি–২০ত উদীয়মান অ’পেনাৰ ঈশান কিশনেও ৰানৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছিল৷ টীম ইণ্ডিয়াৰ দলীয় মেনেজমেণ্টে প্রথম টি–২০ত জয় সাব্যস্ত কৰা দলটোক অপৰিৱর্তিত ৰখাটো একপ্রকাৰ নিশ্চিত৷
উল্লেখ্য যে যোৱানিশা অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে সূর্যকুমাৰ যাদৱ আৰু ভেংকটেশ আয়াৰৰ দায়িত্বপূর্ণ বেটিঙৰ সহায়ত সহজ জয় সাব্যস্ত কৰে যদিও এটা সময়ত দলটোৱে কম সময়ৰ ভিতৰতে তিনিটাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল৷ মিডল অর্ডাৰৰ এই সমস্যা দূৰ কৰাৰ লক্ষ্যৰে ৰোহিত শর্মা বাহিনীয়ে কাইলৈ খেলপথাৰত নামিব৷ বিশেষকৈ তাৰকা উইকেটৰক্ষক ঋষভ পণ্ট শীঘ্রে ফর্মলৈ ওভতাটো টীম ইণ্ডিয়াৰ বাবে আৱশ্যক হৈ পৰিছে৷ অভিজ্ঞ মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰ আৰু উদীয়মান তাৰকা দীপক চহৰৰ পৰাও দলটোৱে অধিক উন্নত প্রদর্শন আশা কৰিব৷ যোৱানিশা তেওঁলোকে মিডল অভাৰত যথেষ্ট ৰান ব্যয় কৰিছিল৷
অৱশ্যে নৱাগত লেগ স্পীনাৰ ৰবি বিষ্ণইৰ চমকপ্রদ বলিঙে টীম ইণ্ডিয়াৰ আত্মবিশ্বাস তুংগত ৰাখিছে৷ প্রথম টি–২০ত তেওঁ মাত্র ১৭ ৰান ব্যয় কৰি দুটাকৈ মূল্যৱান উইকেট দখল কৰিবলৈ সক্ষম হয়৷ অভিষেক মেচত তেওঁ মেন অৱ দ্য মেচ লাভ কৰি বিৰল কৃতিত্বৰ অধিকাৰী হৈছে৷ অধিনায়ক ৰোহিত শর্মায়ো বিষ্ণইৰ দক্ষতাক মুকলি মনেৰে প্রশংসা কৰিছে৷ ইফালে, চলিত ভাৰত ভ্রমণত সম্পূর্ণৰূপে বিধ্বস্ত ৱেষ্ট ইণ্ডিজে সকলো ব্যর্থতা পাহৰি কাইলৈ জয়ৰ সংকল্পৰে খেলপথাৰত নামিব৷
খেলৰ সময়: সন্ধিয়া ৭ বজা৷