নাম পৰিৱর্তন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এটা প্রস্তাৱে শেহতীয়াকৈ অসমত ব্যাপক চর্চা লাভ কৰিছে৷ ইয়াৰ সমর্থন আৰু বিৰুদ্ধাচৰণ, দুয়োটা পক্ষতে যথেষ্টসংখ্যক লোকৰ অৱস্থান দেখিবলৈ পোৱা গৈছে৷ সমান্তৰালকৈ ৰাজনীতিও গৰম হৈছে৷ বিশেষকৈ বিৰোধী ৰাজনৈতিক দলসমূহে ইয়াক এটা ৰাজনৈতিক বিষয় হিচাপে ল’বলৈ যত্ন কৰিছে৷ অৱশ্যে এয়াই স্বাভাৱিক৷ সন্মুখত পৌৰ নির্বাচন৷ বিষয়টোৰ জৰিয়তে যদি ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰি, তাত ক্ষতি কি? কিন্তু বিৰোধী শিবিৰৰ বক্তব্য আৰু প্রসংগ উদ্ধৃতিলৈ লক্ষ্য কৰিলে দেখা যায়, তেওঁলোকে এটা বিশেষ ধর্মীয় সমাজক ভয় খুৱাব বিচাৰিছে৷ অনেকে প্রশ্ণ কৰিছে, চৰকাৰখনৰ আন কাম নাই নেকি? হয়, চৰকাৰখনৰ আন কাম নাই নেকি? ইয়াৰ উত্তৰ বিচাৰিলে প্রথমে চাব লাগিব, প্রায় নমহীয়া কার্যকালত চৰকাৰখনে আন কাম কৰা নাই নেকি যে সেই ব্যর্থতাক ঢ়াকিবলৈ নাম পৰিৱর্তনৰ আশ্রয় ল’বলগীয়া হ’ল? সেইটো নিশ্চয় নহয়৷ এইটো ঠিক যে চৰকাৰ এখনে কৰা সকলো কাম প্রশংসাৰ যোগ্য বা উত্তম৷ কিন্তু অসমত বিগত সময়ছোৱাত চৰকাৰখন ইমানো ব্যর্থ নহয় যে ইয়াক ঢ়াকিবলৈ নগৰ–চহৰ বা অঞ্চলবিশেষৰ নাম সলাবলগীয়া হ’ল৷ তদুপৰি চৰকাৰ এখনে নাম পৰিৱর্তনৰ কথা ভাবিবই পাৰে৷ ইয়াৰ প্রয়োজন অনুভৱ কৰিবই পাৰে৷ চৰকাৰখনে নামবোৰ জাপি দিব বিচৰা নাই৷ প’র্টেলৰ জৰিয়তে ৰাইজৰ পৰা নাম অথবা পৰামর্শ বিচাৰিছে৷ তাত জনসাধাৰণে অংশগ্রহণ কৰি যদি ভাবে যে এইখন চহৰৰ নামে অঞ্চলটোৰ বা অসম আৰু ভাৰতৰ সভ্যতা–সংস্কৃতিক প্রতিনিধিত্ব কৰা নাই, নামটো সলনি কৰিবলৈ পৰামর্শ দিব পাৰে৷ এইটো একো ভয়ংকৰ বা বিপজ্জনক চিন্তা নহয়৷ অসমৰ একাংশই উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ উদাহৰণ দি প্রক্রিয়াটোক লৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছে৷ অসম আৰু উত্তৰ প্রদেশৰ প্রেক্ষাপট একে নহয়৷ উত্তৰ প্রদেশত সনাতনী সভ্যতা–সংস্কৃতিৰ সৈতে মোগল সভ্যতা–সংস্কৃতিৰ এটা সংঘাত আছে৷ অসমত ঐতিহাসিকভাৱে সেই সংঘাতটো নাই৷ ইয়াত মোগলৰ ৰাজত্বও চলা নাছিল৷ আক্রমণ অৱশ্যে চলিছিল৷ অসমখন ইয়াৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীয়ে শাসন কৰিছিল৷ ৰাজ্যখনৰ নগৰ–চহৰ বা অঞ্চলবিশেষত মোগল সভ্যতাৰ অস্তিত্ব সিমান প্রবল নহয়৷ গতিকে বিষয়টোত অসমক উত্তৰ প্রদেশৰ সৈতে সামৰিলে বাস্তৱক আওকাণ কৰা হ’ব৷
অসমৰ কিছুমান অঞ্চলৰ নাম পৰিৱর্তনৰ অৱকাশ আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই নিজেই তেনে দুই–এটা নাম সংবাদ মাধ্যমৰ জৰিয়তে প্রকাশো কৰিছে৷ যেনে– গুৱাহাটীৰ ছাৰাবভাতী৷ এই নামটো সলনিত কোনোবাৰ আপত্তি থাকিব বুলি ভাবিব পাৰিনে? সলোৱাৰ কথা চিন্তা–চর্চা কৰিলে চৰকাৰৰ দায়বদ্ধতা অথবা ব্যর্থতাক ঢ়কাৰ অপচেষ্টা বুলি ক’ব পৰা যায়নে? দিছপুৰত অধিষ্ঠিত চৰকাৰখন ৰাজনৈতিক দলৰ৷ তাৰে মূল দলটো বিজেপি৷ গতিকে তেওঁলোকৰ কাম–কাজত দলটোৰ দর্শন, নীতি–আদর্শ আদিয়ে কাম নিশ্চয় কৰিব৷ জনসাধাৰণে সেই সকলো চালি–জাৰি চাই দলটোক শাসনলৈ আনিছে৷ কংগ্রেছে নিজৰ শাসনকালত দেশখনৰ চাৰিওফালে হাজাৰ হাজাৰ অনুষ্ঠান–প্রতিষ্ঠান, অঞ্চল আদিৰ নাম গান্ধী–নেহৰু পৰিয়ালৰ নামেৰে ৰাখিছে৷ এইটো কংগ্রেছৰ নীতি৷ আন আন ৰাজনৈতিক দলেও তেনে কাম নকৰে বা নকৰাকৈ থকা নাই জানো? পশ্চিমবংগৰ নাম সলাই বংগ কৰিছে৷ দেশৰ বিখ্যাত মহানগৰ বাংগালোৰৰ নাম সলনি হৈছে৷ মুম্বাই নামটোও নতুন৷ কিন্তু নামৰ পৰিৱর্তনত এটা নীতি থকা দৰকাৰ৷ জধে–মধে আৰু অপ্রয়োজনীয়ভাৱে কোনো চহৰ বা অঞ্চলৰ নাম পৰিৱর্তন কৰিলে জনসাধাৰণে প্রতিবাদ কৰিব৷ গতিকে সেইটো হ’বলৈ দিব নোৱাৰি৷ চৰকাৰখনে এইটো দিশত গুৰুত্ব দিব লাগিব৷ অসমৰ ক্ষেত্রত আন এটা গুৰুত্বপূর্ণ বিষয় হৈছে, ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ–নুভূতি৷ নাম পৰিৱর্তন যাতে এটা দ্বন্দ্বৰ পর্যায়লৈ নাযায়, সেইটো লক্ষ্য কৰাৰ দায়িত্ব চৰকাৰৰ৷ যেনে– বিজনী চহৰখন৷ চহৰখনৰ সৈতে কোচ নৃপতি বিজিত নাৰায়ণৰ নাম জডিত হৈ আছে৷ আনহাতে, একেখন চহৰক একাংশই বাগদুৱাৰ বুলি ক’ব বিচাৰে৷ অসমত তেনে ধৰণৰ দ্বন্দ্ব থকা নগৰ–চহৰৰ নাম আৰু ওলাব৷ তেনে চহৰৰ নাম পৰিৱর্তনৰ দাবী হয়তো প’র্টেলত আহিব৷ সেই ক্ষেত্রত চৰকাৰ সতর্ক হ’ব লাগিব৷ দ্বিতীয় কথাটো হৈছে মুখ্যমন্ত্রী ড০ শর্মাই ইয়াৰ সভ্যতা–পৰম্পৰা–স সৈতে মিল নথকা নগৰ–চহৰ–গাঁৱৰ্ নাম সলনিৰ পোষকতা কৰিছে৷ ইয়াক নস্যাৎ কৰিব নোৱাৰি৷ অসমৰ সভ্যতা–সংস্কৃতি, পৰম্পৰাৰ চানেকি যদি গাঁও–চহৰ–নগৰত থাকে, সিয়ে ইয়াৰ প্রতি নৱপ্রজন্মক অধিক আকর্ষিত কৰিব৷ সেইবোৰৰ ইতিহাস, পৃষ্ঠভূমি জানিবলৈ চেষ্টা কৰিব৷ ইয়াৰ পৰা ৰাজ্যখনৰ ক্ষতি নহয়, বৰং লাভহে হ’ব৷ দেশৰ আন আন ৰাজ্যত এইটো নীতি হাতত লৈ সংশ্লিষ্ট চৰকাৰসমূহে নগৰ–চহৰ বা অঞ্চলবিশেষৰ নাম সলনি কৰাৰ নজিৰ বহু আছে৷ বহু ঠাইত স্থানীয় জনসাধাৰণেও সভ্যতা–সংস্কৃতি অথবা ইতিহাসৰ সৈতে সামৰি নাম পৰিৱর্তন কৰিবলৈ চৰকাৰক দাবী জনায় অথবা হেঁচা প্রয়োগ কৰে৷ অসমত কিছুমান ঠাইৰ নাম সলনি কৰিবলৈ সময়ে সময়ে দাবী উত্থাপন হোৱাটো দেখা যায়৷ মূল কথাটো হৈছে নাম যিয়েই নহওক, তাৰ অর্থ আৰু প্রাসংগিতা থকা দৰকাৰ৷ ইয়াৰ সৈতে যদি কোনো ভূ–খণ্ডৰ সভ্যতা–সংস্কৃতি অথবা পৰম্পৰা যুক্ত হৈ পৰে, তাত আপত্তিতকৈ আগ্রহহে বেছি দেখা যায়৷ তদুপৰি চৰকাৰে যিহেতু এটা বিশেষ ব্যৱস্থাৰ জৰিয়তে জনগণক ইয়াৰ অংশীদাৰ কৰি লৈ প্রক্রিয়াটো সম্পূর্ণ কৰিব বিচাৰিছে, ৰাইজৰ অমতত কামটো হ’ব বুলি ভাবিবও নোৱাৰি৷