বিশেষ বাৰ্তা, ২২ফেব্ৰুৱাৰীঃ মাতৃ হ’বলৈ কাৰ নো ইচ্ছা নাথাকে! সাধাৰণতে আজিৰ পৰিয়াল পৰিকল্পনাৰ যুগত মহিলাসকলে এবাৰ, দুবাৰ অথবা তিনিবাৰলৈ সন্তান জন্ম দি নিজকে সৌভাগ্যশালী বুলি ভাবে। কিন্তু আপুনি জানি আচৰিত হ’ব যে জনপ্ৰিয় আমেৰিকান গায়িকা তথা অভিনেত্ৰী কেকে ৱাটে একাদশ বাৰলৈ মাতৃ হ’বলৈ ওলাইছে। তাৰকাগৰাকীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে খোদ এই কথা অনুৰাগীক জনাইছে। তেওঁ তৃতীয় স্বামীৰ পৰা এই সন্তানটি গৰ্ভধাৰণ কৰিছে।
View this post on Instagram
অন্তঃসত্বা আৰু ১১সংখ্যক সন্তানটি জন্ম দিয়াৰ প্ৰস্তুতি চলাইছে গায়িকাই। ইনষ্টাগ্ৰাম পোষ্টত মাতৃত্বকালীন ফটোশ্বুট কৰিও অনুৰাগীলৈ আগবঢ়াই দিছে। তেওঁৰ বেবী বাম্পত সুন্দৰ ডিজাইনো কৰা হৈছে। উল্লেখনীয় যে, কেকে ৱাটে তিনিবাৰ বিবাহ পাতিছে। তেওঁ ২০১৮চনত জাকাৰিয়া ডেভিডৰ সৈতে তৃতীয় বিবাহত বহে। ইয়াৰ পূৰ্বে দুবাৰ তেওঁৰ বিবাহ বিচ্ছেদ ঘটিছে।