নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ আজি উত্তৰ প্রদেশত হ’বলগীয়া চতুর্থ পর্যায়ৰ বিধানসভা নির্বাচনত মুঠ ৬২১গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ ৰাজ্যখনত এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৬২১গৰাকী প্রার্থীৰ ভিতৰত ২৩১গৰাকীয়ে হৈছে কোটিপতি প্রার্থী৷ ইয়াৰ ভিতৰত বিজেপিৰ ৫০গৰাকী, সমাজবাদী পার্টীৰ ৪৮গৰাকী, বি এছ পিৰ ৪৪গৰাকী, কংগ্রেছৰ ২৮গৰাকী আৰু আপৰ ১৬গৰাকী প্রার্থী কোটিপতি বুলি প্রার্থীসকলে মনোনয়ন দাখিলৰ সময়ত শপতনামাত ঘোষণা কৰিছে৷ ইয়াৰ উপৰি অন্যান্য দল তথা নির্দলীয় কেইবাগৰাকীও প্রার্থীৰ সম্পদৰ পৰিমাণ ১ কোটি টকাতকৈ অধিক৷ লক্ষণীয়ভাৱে চতুর্থ পর্যায়ত প্রতিদ্বন্দ্বিতা কৰা প্রতিগৰাকী প্রার্থীৰ গড় সম্পদ হৈছে ২.৪৬ কোটি টকা৷