ভাৰত বনাম পাকিস্তান! মোদীক বাকযুদ্ধলৈ আমন্ত্ৰণ পাক প্ৰধানমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ২৩ফেব্ৰুৱাৰীঃ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে টেলিভিছন চেনেলত বিতর্ক কৰিব বিচাৰে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে। টিভিৰ বিতৰ্ক অনুষ্ঠানত যোগ দিবলৈ মোদীক ৰাছিয়াৰ পৰা আহ্বান জনালে পাক প্রধানমন্ত্রীয়ে। দুয়োখন দেশৰ মাজৰ বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ মোদীক এই বিতর্কত যোগ দিয়াৰ আহ্বান জনাইছে বুলিও জনায় ইমৰান খানে। ইউক্ৰেইন সংকটৰ মাজতে দুদিনীয়াকৈ ৰাছিয়া ভ্ৰমণলৈ যোৱা ইমৰান খানে সংবাদ মাধ্যমক দিয়া এক সাক্ষাতকাৰত কয় যে তেওঁ আন্তৰিকতাৰে নৰেন্দ্র মোদীৰ সৈতে টিভি চেনেলৰ বিতর্ক অনুষ্ঠানত অংশ ল’ব বিচাৰে। এই বিতর্কৰ জৰিয়তে যদি মতবিৰোধ আঁতৰ হয়, তেন্তে দুয়োখন দেশৰ কোটি কোটি মানুহ উপকৃত হ’ব। অৱশ্যে এতিয়ালৈ ভাৰতৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।