মাত্ৰ ২০ কিলোমিটাৰ আঁতৰতে ৰুছ সেনা, যিকোনো মুহূৰ্তত হ’ব আক্ৰমণ
বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ যুদ্ধ অৱশ্যাম্ভী। পশ্চিম ইউৰোপ আৰু আমেৰিকাৰ বাৰম্বাৰ সকীয়নি আৰু প্ৰথম পৰ্যায়ৰ নিষেধাজ্ঞাৰ পাছতো আঁকোৰগোজ ৰুছ প্ৰশাসন। ইউক্ৰেইন আক্ৰমণৰ বাবে সকলো তৈয়াৰ হৈ উঠিছে। সম্পূৰ্ণ যুদ্ধৰ পৰিৱেশ ৰচনা হৈছে ইউক্ৰেইনৰ সীমান্তত। আৰু মাত্ৰ ২০ কিলোমিটাৰ আঁতৰতে আছে ৰুছ সেনা। ছেটেলাইট ছবিয়ে তাকেই কৈছে। গতিকে এটা মাত্ৰ ইংগিততে আৰম্ভ হ’ব পাৰে আক্ৰমণ। ইউক্ৰেইন সীমান্তৱৰ্তী দক্ষিণ বেলাৰুছ আৰু পশ্চিম ৰাছিয়াৰ বিভিন্ন স্থানত অতিৰিক্ত যুদ্ধ সামগ্ৰী ৰাছিয়াই মোতায়েন কৰিছে। তদুপৰি, ১০০খনতকৈ বেছি বাহন আৰু বহু সেনা তম্বু অনা হৈছে। বায়ুসেনাৰ বিমান অৱতৰণৰ বাবে ফিল্ডৰ ব্যৱস্থা কৰা হৈছে ইউক্ৰেইন সীমান্তৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ আঁতৰতে। লগতে সেনাৰ আহ-যাহৰ বাবে বৃহং অঞ্চল খালী কৰোৱা হৈছে। স্থাপন কৰা হৈছে নতুন ফিল্ড মিলিটাৰী হাস্পাতাল।