নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বদেশ, স্বাধীনতা ৰক্ষাৰ বাবে নিজৰ ঠাইতেই আছোঁ, কোনে কিয় ক’লে…

বিশেষ বাৰ্তা, ২৬ফেব্ৰুৱাৰীঃ ৰাজধানী এৰি পলোৱা নাই ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে। এই কথা যে ভূৱা তাকেই দেখুৱাবলৈ ছছিয়েল মিডিয়াত ভিডিঅ’ এটা প্ৰকাশ কৰি সকলোকে অভয় দিছে তেওঁ। ৰাজধানীৰ ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰৰ পৰাই ভিডিঅ’টো কৰিছে। জেলেনস্কিৰ লগত আছে ইউক্ৰেইনী প্ৰধানমন্ত্ৰী আৰু আন কেইবাজনো শীৰ্ষ বিষয়া। জেলেনস্কিয়ে কৈছে যে তেওঁ দেশ এৰি ক’তো পলাই যোৱা নাই। তেওঁলোক সকলো ইয়াতেই আছে,সামৰিক বাহিনীও আছে, সমাজৰ সকলো নাগৰিক আছে। সকলোৱে নিজৰ দেশ, স্বাধীনতা ৰক্ষাৰ বাবে নিজৰ ঠাইতেই আছে আৰু এনেদৰেই থাকিব। লগতে ৰাছিয়াক ভেটিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ লগত নিৰন্তৰ আলোচনা হৈ থকাৰ কথাও তেওঁ জনাইছে।

You might also like