কিয়েভত আৰু এজনো ভাৰতীয় নাই, অহা তিনি দিনত উৰিব ২৬খন বিমান
বিশেষ বাৰ্তা, ২ মাৰ্চঃ কিয়েভত আৰু কোনো ভাৰতীয় নাই। তেওঁলোকক দেশলৈ ওভোতাই আনিবলৈ অহা তিনি দিনত ইউক্রেইনৰ পার্শ্বৱর্তী দেশবোৰৰ বিভিন্ন বিমানবন্দৰৰ পৰা উৰিব মুঠ ২৬খন বিমান। যোৱা ২৪ ঘণ্টাত যুদ্ধবিধ্বস্ত দেশখনৰ পৰা ১,৩৭৭ নাগৰিকক উদ্ধাৰ কৰা হৈছে। আজি পুৱাই এই কথা জনাইছে কেন্দ্ৰীয় বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ে। ৰাছিয়া-ইউক্রেইনৰ যুদ্ধত কিয়েভসহ দেশখনৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছিল কেবা হাজাৰ ভাৰতীয়। তাৰ মাজতে মঙলবাৰে যুদ্ধৰ বলি হৈছে এজন ভাৰতীয় শিক্ষাৰ্থী। বিভিন্ন বাংকাৰত আশ্রয় লৈ থকা পঢ়ুৱৈসকলে দেশলৈ ওভোতাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছে। এনে পৰিপ্রেক্ষিতত প্রধানমন্ত্রীয়ে উচ্চ পর্যায়ৰ কেবাখনো বৈঠক কৰিছে। কেন্দ্রই জনাইছে যে, ইউক্রেইনৰ ৰাজধানী কিয়েভত আৰু কোনো ভাৰতীয় আৱদ্ধ হৈ থকা নাই। বিদেশ সচিৱে জনাইছে, কিয়েভৰ ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে। ৰুছ সামৰিক অভিযানৰ বাবে দূতাবাসৰ কর্মীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। উল্লেখনীয় যে, ইউক্রেইনত প্রায় ২০ হাজাৰ পঢ়ুৱৈ আছিল। ইতিমধ্যে ১২ হাজাৰে ইউক্রেইন এৰিছে। বাকীসকলৰ একাংশ খাৰকিভ অঞ্চলত আৱদ্ধ হৈ আছে।