কোহলিলৈ সন্মানঃ শততম টেষ্টত আধা দৰ্শকৰ অনুমতি বিচিচিআইৰ
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ কাইলৈৰ পৰা ভাৰত আৰু শ্রীলংকাৰ মাজত আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত ৫০ শতাংশ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ ব’ডৰ সচিব জয় শ্বাহে এই কথা ঘোষণা কৰে৷ বি চি চি আইৰ এই ঘোষণাৰ ফলত ক্রিকেট অনুৰাগীয়ে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিৰ শততম টেষ্টৰ স্মৰণীয় মুহূর্ত ষ্টেডিয়ামত বহি উপভোগ কৰিব পাৰিব৷ উল্লেখ্য যে ম’হালিত শেহতীয়াকৈ ক’ভিড–১৯ৰ প্রাদুর্ভাৱ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি পঞ্জাব ক্রিকেট সন্থাই ভাৰত–শ্রীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্রথম টেষ্ট বন্ধ ষ্টেডিয়ামত আয়োজনৰ কথা ঘোষণা কৰিছিল৷ কোহলিৰ কেৰিয়াৰৰ অন্যতম স্মৰণীয় এই মেচখনত দর্শকৰ প্রৱেশত বাধা দিয়াত ক্রিকেট অনুৰাগীয়ে অসন্তুষ্টি প্রকাশ কৰে৷ ভাৰতৰ একালৰ কিংবদন্তি বেটছমেন সুনীল গাভাস্কাৰেও কোহলিৰ শততম মেচত দর্শকৰ প্রৱেশ নিষিদ্ধক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল৷ ইয়াৰ পিছতে বি চি চি আয়ে স্থিতি সলনি কৰি মেচখনত ৫০ শতাংশ দর্শকৰ প্রৱেশত অনুমতি দিয়ে৷ উল্লেখ্য যে ভাৰত–শ্রীলংকাৰ মাজত শেহতীয়াকৈ অনুষ্ঠিত টি–২০ শৃংখলাৰ সময়তো ষ্টেডিয়ামত ৫০ শতাংশ দর্শকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল৷