ইউক্রেইনৰ পিছতে মালডোভা আক্রমণ কৰিব ৰাছিয়াই
নিয়মীয়া বাৰ্তা, ৩ মার্চঃ ইউক্রেইন আক্রমণ অব্যাহত থকাৰ সময়তে ৰাছিয়াই আন এখন দেশ মালডোভা আক্রমণ কৰিব পাৰে৷ –এই বিস্ফোৰক মন্তব্য বেলাৰুছৰ ৰাষ্ট্রপতি আলেকজেণ্ডাৰ লুকাচেনকোৰ৷ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বেলাৰুছৰ ৰাষ্ট্রপতিৰ সমর্থন লৈ তেওঁলোকৰ দেশৰ সীমান্তৰে ইউক্রেইনত প্রৱেশ কৰি আক্রমণ চলাই থকাৰ সময়ত যুদ্ধক লৈ দেশখনৰ শীর্ষ নিৰাপত্তা বিষয়াৰ সৈতে আলোচনাৰ সময়ত ৰাছিয়াই মালডোভা আক্রমণ কৰাৰ ইংগিত দিছে৷ দেশখনৰ নিৰাপত্তা বিষয়ক লৈ আলোচনাৰ সময়ত ৰাষ্ট্রপতিগৰাকীয়ে যুদ্ধ সংঘটিত হৈ থকা ইউক্রেইনৰ মানচিত্র প্রদর্শন কৰি মালডোভা সন্দর্ভত ৰাছিয়াৰ আক্রমণৰ ইংগিত দিয়ে৷ ইউক্রেইন আক্রমণত ৰাছিয়াক পূর্ণ সমর্থন দিয়া বেলাৰুছে অৱশ্যে এই যুঁজত প্রত্যক্ষভাৱে অংশ নল’লেও শেহতীয়াভাৱে সীমান্তত টেংকসহ সেনা মোতায়েন কৰিছে৷ কার্যতঃ বেলাৰুছৰ পৰাই ইউক্রেইনত আক্রমণ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ইউক্রেইনত আবদ্ধ ভাৰতীয় শিক্ষার্থীসহ নাগৰিকক মালডোভা হৈ স্বদেশলৈ ওভতাই অনাৰ নতুন পথ এটা ভাৰতে মুকলি কৰাৰ পাছতে ৰাছিয়াৰ এই অভিসন্ধি নতুন দিল্লীৰ বাবে আন এক সংকট হ’ব পাৰে৷ ইউৰোপৰ পূব প্রান্তৰ দেশ মালডোভাৰ পশ্চিম সীমান্তত ৰোমানিয়া আৰু উত্তৰ, পূব আৰু দক্ষিণ সীমান্তত আছে ইউক্রেইন৷