নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহালি হৈ ৰব ইতিহাসৰ সাক্ষীঃ অধিনায়ক হিচাপে ৰোহিতৰ প্ৰথম টেষ্ট স্মৰণীয় কৰাৰ সুবৰ্ণ সুযোগ-কোহলিৰ শততম টেষ্ট

অধিনায়ক হিচাপে ৰোহিতৰ প্রথম টেষ্ট, কোহলিৰ শততম টেষ্ট
নিময়ীয়া বাৰ্তা, ৩ মাৰ্চঃ ভাৰতীয় ক্রিকেটৰ দুর্গ হিচাপে পৰিচিত ম’হালিত কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত–শ্রীলংকাৰ প্রথম টেষ্ট৷ পঞ্জাব ক্রিকেট সন্থাৰ এই ঐতিহাসিক গ্রাউণ্ডত খেলিবলগীয়া মেচখন স্মৰণীয় কৰি ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব টীম ইণ্ডিয়া৷ টেষ্টত ভাৰতৰ বহু সফলতাৰ সাক্ষী হৈ ৰোৱা ম’হালিত ৰোহিত শর্মাই টেষ্ট দলৰ অধিনায়ক হিচাপে আত্মপ্রকাশ ঘটাব৷ একেদৰে প্রাক্তন অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন হিচাপে পৰিচিত বিৰাট কোহলিয়ে ম’হালিত খেলিব কেৰিয়াৰৰ শততম টেষ্ট৷ ভাৰতীয় ক্রিকেটৰ এই দুই মহাৰথীৰ বাবে স্মৰণীয় হৈ ৰ’বলগীয়া এই মেচখনৰ পৰা টীম ইণ্ডিয়াই এক নতুন যুগৰ আৰম্ভণি কৰিব৷ শ্বেটেশ্বৰ পূজাৰা আৰু আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ তাৰকাৰ স্থানত ভাৰতে এই শৃংখলাত উদীয়মান বেটছমেন শুভমন গিল আৰু হনুমা বিহাৰীক মিডল অর্ডাৰৰ দায়িত্ব অর্পণ কৰিব৷ টি–২০ আৰু এদিনীয়াত চমকপ্রদ বেটিঙেৰে ৰানৰ জোৱাৰ তোলা তাৰকা বেটছমেন শ্রেয়াছ আয়াৰেও শেষ মুহূর্তত ভাৰতীয় টেষ্ট দলত সুযোগ পোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে তেওঁ দুমাহ পূর্বে টেষ্ট অভিষেকত শতক অর্জন কৰি ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য হোৱাৰ প্রবল দাবীদাৰ হৈ উঠিছে৷ দীর্ঘদিনৰ মূৰত ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটোৱা ৰবীন্দ্র জাদেজাৰ প্রদর্শনৰ ওপৰতো ক্রিকেট অনুৰাগীৰ দৃষ্টি নিবদ্ধ থাকিব৷ শ্রীলংকাৰ বিৰুদ্ধে টি–২০ শৃংখলাত দুর্দান্ত বেটিঙেৰে জাদেজাই ইতিমধ্যে অধিনায়ক ৰোহিতৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷ ইফালে, ২০১৯ৰ নৱেম্বৰতে অন্তিমটো টেষ্ট শতকৰ মুখ দেখা কোহলিৰ বেটৰ পৰা শততম টেষ্টত অনুৰাগীয়ে বৃহৎ ইনিংছৰ অপেক্ষা কৰিছে৷ শততম টেষ্টত তাৰকা বেটছমেনগৰাকীয়ে শতক অর্জন কৰি অনুৰাগীৰ আশা পূৰণ কৰিব বুলি কিংবদন্তি ক্রিকেটাৰ সুনীল গাভাস্কাৰে আশা প্রকাশ কৰিছে৷ উল্লেখ্য যে জানুৱাৰীত দক্ষিণ আফ্রিকাৰ হাতত টেষ্ট শৃংখলা হেৰুওৱাৰ পিছত আকস্মিকভাৱে ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব ত্যাগ কৰা কোহলি ৰোহিতৰ নেতৃত্বত প্রথমবাৰৰ বাবে খেলপথাৰত নামিব৷ শততম টেষ্টত শতক অর্জন কৰা ভাৰতৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে ইতিহাস ৰচাৰ লক্ষ্যৰে তাৰকাগৰাকীয়ে শ্রীলংকাৰ বিৰুদ্ধে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া প্রথম টেষ্টত অৱতীর্ণ হ’ব৷

You might also like