নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাটোৱে ঠগিলে! খং উঠিছে ইউক্রেইনী ৰাষ্ট্ৰপতিৰ, লিখিলে…

বিশেষ বাৰ্তা, ৫ মাৰ্চঃ এতিয়াৰ পৰা যিসকল ইউক্রেইনীৰ মৃত্যু হ’ব তাৰ বাবে জগৰীয়া হ’ব নাটো। ইউক্রেইনৰ আকাশমাৰ্গত বিমান চলাচলত নিষেধাজ্ঞা (নো-ফ্লাই জ’ন) জাৰি নকৰা নাটোৰ সিদ্ধান্তক সমালোচনা কৰি ফেচবুকত লিখিলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। ৰাছিয়াৰ বিমানে যাতে আকাশী পথেৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ইউক্রেইনৰ আকাশক ‘নো-ফ্লাই জ’ন’ ঘোষণা কৰিবলৈ নাটোক আবেদন জনাইছিল জেলেনস্কিয়ে। যদি এই নিষেধাজ্ঞা অমান্য কৰি ৰাছিয়াই আক্ৰমণ কৰিলেহেঁতেন তেন্তে সেয়া আন্তঃর্জাতিক আইন উলংঘন কৰা হ’লহঁতেন। কিন্তু জেলেনস্কিৰ আশাত চেঁচা পানী ঢালি এই অনুৰোধ মানিবলৈ অস্বীকাৰ কৰে নাটোৱো। ইউক্রেইনৰ ওপৰত বিমান চলাচলত নিষেধাজ্ঞা জাৰি কৰিলে সমগ্ৰ ইউৰোপত যুদ্ধ হ’ব পাৰে বুলি জনালে আমেৰিকাৰ বিদেশমন্ত্রী এন্টনী ব্লিংকেনে। সেয়ে নাটোৱে এই সিদ্ধান্ত লৈছে বুলি তেওঁ জনায়। জেলেনস্কিয়ে লগতে ক্ষোভ ব্যক্ত কৰিছে যে যদিও তেওঁলোকৰ আমাতকৈ অনেক গুণ শক্তিশালী অস্ত্র আছে তথাপিও এই সিদ্ধান্তৰে তেওঁলোকে নিজৰ দুর্বলতা আৰু নিৰাপত্তাহীনতা প্রমাণ কৰিছে।

You might also like