নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত আজি দ্বিতীয় পৰ্যায়ৰ ভোটঃ নিলম্বিত বিজেপি নেতাৰ ঘৰত বোমা নিক্ষেপ

বিশেষ বাৰ্তা, ৫ মাৰ্চঃ আজি পুৱাৰে পৰা চলি আছে মণিপুৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোট। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ছখন জিলাৰ ১,২৪৭টা ষ্টেছনত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ আবেলি ৪ বজালৈ চলিব। মুঠ ৬০ খন আসনৰ ভিতৰত আজি বাকী থকা ২২ খন আসনৰ বাবে ভোটগ্ৰহণ চলিছে। জানিব পৰা মতে, ৯বজালৈ ১১.৪০ শতাংশ ভোটদান সম্পন্ন হৈছে। আজি ইভিএমত বন্দী হ’ব ৯২ জন প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰে ভিতৰত আছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অ’ ইবোবি সিং। ইপিনে, ভোট আৰম্ভ হোৱাৰ পূৰ্বে কালি নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই খাৰ বোমা নিক্ষেপ কৰিছে নিলম্বিত বিজেপি নেতা এজনৰ ঘৰত।

You might also like