ভুৱা বাতৰি প্ৰচাৰ কৰিলে ১৫ বছৰলৈকে কাৰাবাস! যুদ্ধৰ মাজতে ৰাছিয়াই গৃহীত কৰিলে নতুন আইন
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ যুদ্ধৰ পৰিৱেশৰ মাজতে বিয়পি পৰিছে ভুৱা বাতৰি। ভীতিগ্ৰস্ত হৈছে সাধাৰণ মানুহ। আৰু শক্তিশালী হাতেৰে এই অভ্যাস বন্ধ কৰিবলৈ ৰাছিয়াই এখন নতুন আইন গৃহীত কৰিছে। কোৱা হৈছে যে যদি ৰাছিয়াৰ সেনাৰ বিষয়ে মিছা বাতৰি প্ৰচাৰ কৰাৰ চেষ্টা কৰা হয়, তেন্তে ১৫বছৰলৈকে কাৰাবাস হ’ব পাৰে।
ইতিমধ্যে মস্কো চৰকাৰে ৰাছিয়াত ফেচবুক নিষিদ্ধ কৰিছে। যোৱা সপ্তাহত, ফেচবুক আৰু ইনষ্টাগ্ৰামে ইউৰোপীয় ইউনিয়ন আৰু ব্ৰিটেইনৰ পৰা কেইবাটাও ৰাছিয়ান মিডিয়া পৃষ্ঠা আঁতৰাই দিছিল। তেতিয়াই বিষয়টো ৰাছিয়াৰ ৰাজ্যিক মিডিয়া নিয়ন্ত্ৰক ৰোচকোমনাজৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশ্যে, কেৱল মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীৰ প্লেটফৰ্মেই নহয়, মাইক্ৰ’ব্লগিং ছাইট টুইটাৰকো নিষিদ্ধ কৰা হৈছে।