নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ আশংকাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মোদী চৰকাৰক সমালোচনা কৰিছে। এক টুইটযোগে ৰাহুল গান্ধীয়ে দেশৰ জনসাধাৰণক তেওঁলোকৰ বাহনত শীঘ্ৰে তেল ভৰাবলৈ পৰামৰ্শ দিছে। এই টুইটৰ মাধ্যমেৰে ৰাহুলে ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ পিছত পেট্ৰ’লৰ মূল্য বৃদ্ধিৰ ইংগিত দিছে। তেওঁ কৈছে যে মোদী চৰকাৰৰ ‘নিৰ্বাচনী’ প্ৰস্তাৱ শেষ হ’বলৈ ওলাইছে। পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পিছত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাব। গতিকে সকলোৱে নিজ নিজ বাহনৰ টেংক ভৰ্তি কৰি লওক বুলি তেওঁ মোদী চৰকাৰক একপ্ৰকাৰৰ সমালোচনা কৰিছে।
ৰাহুল গান্ধীয়ে এক টুইটযোগে কয়- “फटाफट Petrol टैंक फुल करवा लीजिए।
मोदी सरकार का ‘चुनावी’ offer ख़त्म होने जा रहा है।”
फटाफट Petrol टैंक फुल करवा लीजिए।
मोदी सरकार का ‘चुनावी’ offer ख़त्म होने जा रहा है। pic.twitter.com/Y8oiFvCJTU
— Rahul Gandhi (@RahulGandhi) March 5, 2022
ইপিনে এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যোৱা দুমাহত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে ৰাজ্যিক মালিকানাধীন তেল বিপণন কোম্পানীবোৰে ব্যয় পুনৰুদ্ধাৰ কৰিবলৈ ১৬ মাৰ্চ বা তাৰ পূৰ্বে ইন্ধনৰ মূল্য প্ৰতি লিটাৰত ১২.১ টকা বৃদ্ধি কৰিব লাগিব। যদি আপুনি তেল কোম্পানীবোৰৰ মাৰ্জিন যোগ কৰে, তেন্তে প্ৰতি লিটাৰত ১৫.১টকা মূল্য বৃদ্ধি কৰিব লাগিব। খাৰুৱা তেলৰ মূল্য বৃদ্ধিক ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হৈছে।