নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবাবে কি বিশেষ কৰিলে ৰণবীৰ কাপুৰে

বিশেষ বাৰ্তা, ৭মাৰ্চঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ যদিও ছ’চিয়েল মিডিয়াত নাই, তেওঁৰ বিভিন্ন মুহূৰ্তৰ ফটো কিন্তু প্ৰতিদিনে কোনোবা নহয় কোনোবাই ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি থাকে। আৰু তাতেই চাই সাময়িক সুখ লাভ কৰে অনুৰাগীয়ে। দেওবাৰ বন্ধৰ বাৰ, পৰিয়ালৰ সৈতে সময় কটোৱাৰ দিন। কালি দেওবাৰৰ দিনটোত পৰিয়ালৰ সৈতে দেখা গ’ল ৰণবীৰক। মাক নিতু সিং আৰু ভগ্নী ৰিধিমা কাপুৰ তথা পৰিয়ালৰ সৈতে নৈশ আহাৰ কৰিলে ৰণবীৰে। ৰিধিমাই এই ফটো ইনষ্টাগ্ৰামত প্ৰকাশ কৰি অনুৰাগীক সাময়িক আনন্দ দিছে।

You might also like