বিশেষ বাৰ্তা, ১২ মাৰ্চঃ তিনি দশকৰ দাম্পত্য। তিনি সন্তানসহ সুখৰ সংসাৰ। জীৱনৰ উত্থান-পতনৰ মাজতেই নিজকে সামৰি ৰাখিছে দুয়ো। শ্বাহৰুখ খান আৰু গৌৰী খান বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতি। কিন্তু এসময়ত ভাঙিবলৈ ওলাইছিল তেওঁলোকৰ সম্পর্ক। এক অনুষ্ঠানত গৌৰীৰ মুখেৰেই ওলাল সেই কথা। কিং খানৰ পৰা বিচ্ছেদিত হৈ থাকিব বিচৰাৰ কথা নির্দ্বিধায় জনালে তেওঁৰ পত্নীয়ে।
পুৰণি কথা মনত কৰি তাৰকাপত্নীয়ে ক’লে- মই তেতিয়া কলেজত পঢ়িছিলোঁ। বয়স কম আছিল। একোবাৰ ভাব হৈছিল ইমান কম বয়সত বিয়াৰ কথা ভবা ঠিক নহ’ব। আচলতে নিজৰ মতে থাকিব বিচাৰিছিল গৌৰীয়ে। সেই পথ প্রশস্ত কৰিবলৈ শ্বাহৰুখৰ সৈতে থকা সম্পর্কৰ পৰা সাময়িক বিৰতি ল’বও বিচাৰিছিল। গৌৰীৰ মতে শ্বাহৰুখে তেওঁৰ ওপৰত বৰকৈ অধিকাৰবোধ দেখুৱাইছিল। লগ-বন্ধুৰ সৈতে সময় কটাবলৈ, সকলোৰে লগত ইচ্ছা মতে মিলিবলৈ প্রেমিকৰ পৰা আঁতৰি অহাৰ বাদে আন কোনো উপায় দেখা নাছিল। অৱশ্যে সেই বিচ্ছেদপর্ব খুব বেছি দিন নাথাকিল। শ্বাহৰুখৰ পৰা দূৰত্ব সহ্য নহ’ল,উভতি গ’ল গৌৰী।