নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতৃত্বৰ বাঘজৰী গান্ধী পৰিয়ালৰ হাততে, ছোনিয়াৰ নিৰ্দেশতে চলিছে কংগ্ৰেছ

বিশেষ বাৰ্তা, ১৬ মাৰ্চঃ ছোনিয়া গান্ধীৰ নিৰ্দেশতে চলিব কংগ্ৰেছ। কেন্দ্ৰীয় নেতৃত্বৰ সাল-সলনি কৰাৰ প্ৰস্তাৱে কোনো গতি লাভ কৰা নাই। সদ্য সমাপ্ত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সম্মুখীন হোৱাৰ পাছত কংগ্ৰেছৰ ভিতৰতো একাংশ নেতাই গান্ধী পৰিয়ালে নেতৃত্বৰ পৰা আঁতৰা বিচাৰিছিল। জ্যেষ্ঠ নেতা কপিল ছিবালে মুকলিকৈ ছোনিয়া গান্ধীক আঁতৰা বিচাৰিছিল আৰু দলীয় নেতৃত্বত নতুনত্ব আনিব খুজি চিঠি লিখিছিল। দেওবাৰৰ সভাতো ছোনিয়াই কৈছিল যে দলে বিচাৰিলে পুত্ৰ-কন্যাসহিত তেওঁলোক পিছুৱাই যাব। কিন্তু সেয়া নহ’ল। গুলাম নবী আজাদ, আনন্দ শৰ্মা সহ সকলোৱে গান্ধী পৰিয়ালকে নেতৃত্বত বিচাৰিলে। নেতৃত্বত থাকি এইবাৰ কংগ্রেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে উত্তৰপ্রদেশ, পাঞ্জাব, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ প্রদেশ কংগ্রেছৰ সভাপতিসকলক ইস্তফা দিয়াৰ নির্দেশ দিলে। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্রেছৰ অতি নিম্ন প্ৰদৰ্শনৰ পাছত সংশ্লিষ্ট ৰাজ্যকেইখনৰ সাংগঠনিক নেতৃত্বত ৰদবদল কৰা হ’ব পাৰে। সেয়ে পদত্যাগৰ নির্দেশ দিয়া হৈছে পাঁচ প্রদেশ কংগ্রেছ সভাপতি ক্ৰমে- উত্তৰ প্রদেশৰ অজয় কুমাৰ লাল্লু, পাঞ্জাবৰ নৱজ্যোৎ সিং সিদ্ধু, উত্তৰাখণ্ডৰ গণেশ গোদীয়াল, গোৱাৰ গিৰীশ চোড়নকৰ তথা মণিপুৰ প্রদেশ কংগ্রেছৰ সভাপতি এন লোকেন সিঙক ইস্তফা দিয়াৰ নিৰ্দেশ দিছে।

You might also like