নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অধ্যক্ষ এম জগদেশ কুমাৰে সোমবাৰে কয় যে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহে স্নাতক পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষাত (cuet) প্ৰাপ্ত নম্বৰ ব্যৱহাৰ কৰিব লাগিব। জুলাইৰ প্ৰথম সপ্তাহতে এই বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষাত অনুষ্ঠিত হ’ব।
সংবাদমেলত কুমাৰে কয়, “২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষা পৰিচালনা কৰিব। সকলো কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে তেওঁলোকৰ পাঠ্যক্ৰমত ভৰ্তি হ’বলৈ বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰৱেশ পৰীক্ষাত প্ৰাপ্ত নম্বৰবোৰ বিবেচনা কৰিব লাগিব।”
লক্ষণীয় যে ৪৫ খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে ইউজিচিৰ পৰা বিত্তীয় সাহায্য লাভ কৰে।
কুমাৰে লগতে কয় যে শিক্ষাৰ্থীসকলৰ ওচৰত ইংৰাজী, হিন্দী, অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দুৰ বিকল্প থাকিব।