নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখগহ্বৰৰ কর্কট–ৰোগ

ডাঃ ৰিণিষা গৌতম

সুখ নাই সুখ নাই ক’তো ধৰুৱাৰ
অণুমাত্র সুখ নাই চিৰ ৰুগীয়াৰ
স্বাস্থ্যই পৰম সম্পদ৷ সু–স্বাস্থ্যইহে মানুহক উন্নতিৰ জখলাত বগাবলৈ সহায় কৰি জীৱন যুদ্ধত জয়ী হোৱাৰ জোখাৰে সাহস, প্রেৰণা আৰু শক্তি যোগায়৷ স্বাস্থ্য হৈছে কোনো জীৱৰ সম্পূর্ণ শাৰীৰিক–মানসিক আৰু সামাজিক অভিযোজন বা স্বনিয়ন্ত্রণৰ ক্ষমতা৷
আমাৰ মুখমণ্ডল শৰীৰটোৰ দাপোণস্বৰূপ৷ শৰীৰৰ সাধাৰণ স্বাস্থ্য মুখমণ্ডলত প্রতিফলিত হয়৷ মুখৰ ৰোগৰ বাবে শৰীৰৰ বিভিন্ন অংশ বা তন্ত্রত যেনে– পেট, পাকস্থলী, যকৃত, পাচনতন্ত্র, ছাইনাছ, হাওঁফাওঁ, হূদযন্ত্রৰ বেমাৰ, কর্কটৰোগ আদি হোৱাৰ সম্ভাৱনা থাকে৷ ঠিক তেনেদৰে শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ ৰোগ যেনে বৃক্ক বা কিডনীৰ বেমাৰ, হাওঁফাওঁৰ ৰোগ, তেজৰ ৰোগ, মধুমেহ, মৃগী, এইডছ আদি ৰোগৰ বাবেও মুহগহ্বৰত বিভিন্ন ধৰণৰ লক্ষণ দেখা পোৱা যাব পাৰে৷
বর্তমান সময়ত মুখগহ্বৰৰ কর্কট ৰোগীৰ সংখ্যা অতি মাৰত্মকভাৱে বৃদ্ধি হ’বলৈ ধৰিছে৷ অসমৰ প্রায় ৪০ শতাংশ কর্কটৰোগ মুখগহ্বৰতেই হয়৷ মুখগহ্বৰৰ কর্কটৰোগ হ’ল ওঁঠ, জিভা, তালু, দাঁতৰ আলু, ডিঙিৰ উপৰিভাগ বা মুখৰ অন্য কোনো অংশত হোৱা কর্কটৰোগ৷
মুখগহ্বৰৰ কর্কটৰোগৰ মূল কাৰক তথা কাৰণসমূহঃ
ক) অত্যধিক পৰিমাণে গুট্খা, তামোল–পাণ, ধঁপাত, চূণ, মদ আদি সেৱন৷ ৮০ শতাংশ মুখগহ্বৰৰ কর্কটৰোগৰ কাৰক হ’ল, গুট্খা, পাণমচলা, ধঁপাত সেৱন৷ প্রতি তিনিজন এই ৰোগত আক্রান্ত ৰোগীৰ দুজনেই ধঁপাত সেৱনকাৰী হয়৷
খ) দাঁতৰ আলু, গালৰ ভিতৰফালে গুট্খা, তামোল–পাণ, চূণ আদি বেছি সময় ধৰি ৰাখিলে কর্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়৷
গ) বেছিকৈ ৰ’দত থাকিলে অতি বেগুনীয়া ৰশ্মিৰ প্রভাৱত ওঁঠৰ কর্কট ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷
ঘ) ঢ়িলা কৃত্রিম দাঁত, পচা, ভগা দাঁত, আদিৰ দ্বাৰা দীর্ঘদিন ধৰি ঘঁহনি খাই জিভা, তালু, দাঁতৰ আলু, গালৰ ভিতৰভাগ আঘাতপ্রাপ্ত হৈ তাত বিভিন্ন পৰিৱর্তন আহে আৰু সময়ত গৈ ই কেঞ্চাৰ বা কর্কটৰোগৰ ৰূপ লয়৷
ঙ) মহিলাতকৈ পুৰুষৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ আকৌ ৫৫ বছৰৰ অধিক বয়সৰ ব্যক্তিৰ এই ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷
চ) হিউমেন পেপিলোমা ভাইৰাছৰ HPV) আক্রমণৰ বাবেও এই ৰোগৰ সম্ভাৱনা বাঢ়ে৷
ছ) অপুষ্টিকৰ খাদ্য, দেহৰ দুর্বল প্রতিৰোধী ক্ষমতা, বংশগত ত্রুটি, হতাশা আদিয়েও এই ৰোগৰ আৰম্ভণিত অৰিহণা যোগায়৷
লক্ষণসমূহঃ আৰম্ভণিতে ই প্রাক্–কেঞ্চাৰ ঘা Precanceruslesion) যেনে বগা দাগ বা লিউক’প্লেকিয়া, ছাব্মিউকাছ ফাইব্র’ছিছ, লাইকেনপ্লেনাছ আদি অৱস্থাত দেখা দিয়ে৷ এই সময়ত উপযুক্ত চিকিৎসা পালে ৮০–৯০ শতাংশ মানুহে আৰোগ্য লাভ কৰে৷ সেইবাবে এই ৰোগৰ লক্ষণসমূহৰ লগত পৰিচিত হৈ থকাটো অতি জৰুৰী৷
ক) প্রাক্–কর্কট ৰোগৰ লক্ষণ
মুখৰ ভিতৰৰ যিকোনো অংশত বা জিভাত ৰঙৰ পৰিৱর্তন হোৱা বা ঘা নুশুকোৱা৷
কোনো অংশত বা জিভাত বগা বা ৰঙা দাগ পৰা
কোনো অংশ বিনা কাৰণতে ফুলি যোৱা, তাত বিষ অনুভৱ কৰা
খ) কর্কট ৰোগৰ সাধাৰণ লক্ষণ
মুখৰ ভিতৰত দৰব খালেও বা লগালেও নুশুকুৱা ঘা, লাহে লাহে ই ফুলকবিৰ আকৃতি লোৱা৷
নুশুকুৱা ঘাৰ পৰা কোনো কাৰণ নোহোৱাকৈ তেজ নির্গত হোৱা৷
খোৱাবস্তু চোবাবলৈ, গিলিবলৈ, কথা ক’বলৈ কষ্ট অনুভৱ কৰা৷ জিভাখন লৰচৰ কৰিবলৈ কষ্ট পোৱা৷
শৰীৰ দুর্বল আৰু শেঁতা পৰি যোৱা৷
কোনো অংশ বিনা কাৰণত ফুলি গৈ বিষ হোৱা৷
কাণ দুখনত একেৰাহে বিষ হৈ থকা৷
ভোক কমি যোৱা৷ ওজন অস্বাভাৱিকভাৱে কমি যোৱা৷
ৰোগ নির্ধাৰণৰ উপায়ঃ মুখৰ কর্কটৰোগৰ আৰম্ভণিতে বিষ–কোপ নাথাকে৷ সেয়ে ধৰা পৰে পলমকৈ৷ মুখগহ্বৰৰ কর্কটৰোগৰ ভিতৰত ওঁঠৰ কর্কটৰোগেই আটাইতকৈ সোনকালে ধৰা পৰে৷ জিভাত হ’লে ধৰা পৰে বহু পলমকৈ৷ কাৰণ জিভাৰ কাষৰ ফালে এই ৰোগৰ আৰম্ভণি হয়, গতিকে ৰোগীয়ে দেখা পোৱাৰ সম্ভাৱনা কমি যায়৷ আধুনিক চিকিৎসা বিজ্ঞানত এই ৰোগ নির্ধাৰণ কৰাৰ বাবে বহুতো উপায় আছে যেনে ঃ বায়োপ্সি, Biopsy), পেট স্কেন PET Scan), এম আৰ আই MRI), চিটিস্কেন CT Scan) ইত্যাদি৷
আধুনিক চিকিৎসাঃ
স্থান আৰু অৱস্থাৰ ওপৰত নির্ভৰ কৰি শল্য চিকিৎসা, ৰেডিয়েচন থেৰাপী, কেমোথেৰাপী আদি কৰা হয়৷ জিন থেৰাপী, হৰম’ন থেৰাপী প্রতিজাৰক থেৰাপী, অ’জন থেৰাপী আদি পৰীক্ষামূলক পর্যায়ত আছে৷ উচ্চমাত্রাত Megadose) খাদ্যপ্রাণ চি পৰীক্ষামূলকভাৱে ৰোগীৰ ওপৰত প্রয়োগ কৰি প্রমাণ কৰা হৈছে যে ইয়াৰ জৰিয়তে প্রাথমিক অৱস্থাত থকা কর্কটৰোগ আৰোগ্য কৰিব পৰা যায় তথা ৰোগীৰ জীৱন দীর্ঘস্থায়ী কৰিব পৰা যায়৷
মুখগহ্বৰৰ কর্কটৰোগৰ সম্ভাৱনা ৰোধ কৰাৰ কিছু উপায় ঃ নিম্নোল্লিখিত উপায়সমূহ কৰিলে এই ৰোগৰ সম্ভাৱনা বহুত কমি যায়৷
মুখৰ ভিতৰত বগা দাগ বা বহুদিন ধৰি নুশুকোৱা ঘা দেখাৰ লগে লগে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷
তামোল, চাধা, চূণ আদি কমকৈ খোৱা আৰু খালে লগে লগে মুখ ধুই পেলোৱা, যাতে মুখৰ ভিতৰত এইবোৰ জমা হৈ নাথাকে৷ ধূমপানৰ অভ্যাস বর্জন কৰা৷ মদ্যপানৰ পৰিমাণ সীমিত কৰা৷
মুখগহ্বৰ পৰিষ্কাৰকৈ ৰখা৷
আলুৰ gum) ৰোগ, ভগা বা পচা দাঁত থাকিলে সোনকালে চিকিৎসা কৰিব লাগে৷
কৃত্রিম দাঁত ভালদৰে ফিট নহ’লে অথবা পিন্ধিলে বিষ হ’লে ব্যৱহাৰ কৰিব নালাগে৷ কাৰণ ইয়াৰ পৰা ঘাঁ হোৱাৰ সম্ভাৱনা থাকে আৰু ই পিছলৈ কর্কটৰোগৰ ৰূপ ল’ব পাৰে৷
ভেজাল খাদ্য তথা খাদ্যবস্তুত সুন্দৰ ৰং আৰু গোন্ধ হ’বৰ বাবে প্রাকৃতিক দ্রব্যৰ পৰিৱর্তে কৃত্রিম ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰা উচিত নহয়৷ হৰম’ন, কীটনাশক ঔষধ ইত্যাদিৰ পৰা মুক্ত জৈৱিক সাৰৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদিত হোৱা খাদ্য খোৱা উচিত৷
খাদ্যপ্রাণ এ, বি কমপ্লেক্স, চি, ডি, ই, কেলচিয়াম, ফছফৰাছ, জিংক, মলিব’ডেনাম, মেংগানিজযুক্ত আহাৰ এক নির্দিষ্ট আৰু নিয়মিত পৰিমাণে খাব লাগে, যাৰ ফলত দেহত জাৰক–প্রতিজাৰকৰ এক সন্তুলিত অৱস্থা থাকে৷ দৈনিক ৪০০ গ্রাম বা তাতোধিক শাক–পাচলি, ফলমূল গ্রহণ কৰিব লাগে৷ নেমু, সুমথিৰা, বিলাহী, গাজৰ, কেঁচা হালধি, তৰমুজ, জৈৱিক সেউজীয়া চাহ, আপেল, আঙুৰ আদি প্রচুৰ পৰিমাণে খাব লাগে৷
মাত্রাধিক পৰিমাণে পোৰা মাছ–মাংস, ৰঙা মাংস, শীতল পানীয়, বেছি মছলাযুক্ত বা জ্বলা আহাৰ, চিপ্চ আদি খোৱা অনুচিত৷
দীর্ঘদিন ধৰি থকা হতাশাই শৰীৰত বিৰূপ প্রভাৱ পেলায়৷
দৈনন্দিন প্রাণায়াম, যোগাসন, লঘু ব্যায়াম, যোগাত্মক আচৰণ Positive Attitude) তথা আত্মবিশ্বাসী মনোভাবে দেহৰ ৰোগ প্রতিৰোধী তন্ত্র, কোষ সুৰক্ষণ ব্যৱস্থা সবল কৰি তোলে৷ মুখগহ্বৰৰ কর্কটৰোগ শৰীৰৰ অন্য অংশলৈ বিয়পি পৰাৰ দ্রুত সম্ভাৱনা থাকে৷ গতিকে সময় থাকোঁতেই ইয়াক ৰোধ কৰাটো অতি প্রয়োজনীয়৷

You might also like