নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰণবীৰ-আলিয়াৰ বিয়াৰ প্ৰস্তুতি

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ বলীউডৰ বহুচৰ্চিত এহাল প্ৰেমিক যুগল হ’ল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট। যোৱা চাৰি বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক। এই দুই তাৰকাৰ বিয়া নেকি? তাৰেই চৰ্চা চলিছে এতিয়া অনুৰাগীৰ মাজত। অৱশ্যে তেনেধৰণৰ কোনো কথা কোনেও মুকলিকৈ কোৱা নাই। কিন্তু অলপতে দুয়ো একেলগে গৈছিল দেশৰ আগশাৰীৰ ফেছন ডিজাইনাৰ বীণা কান্নানৰ ওচৰলৈ। বীণা কান্নান হ’ল ছীমাট্টি টেক্সটাইলৰ মালিক। ছীমাট্টি টেক্সটাইল হৈছে আকৌ কইনাৰ পোছাক ডিজাইন কৰাৰ বাবে বিখ্যাত। ৰণবীৰ আৰু আলিয়াই বীণাৰ ওচৰত বিবাহৰ কাপোৰ ডিজাইনৰ বাবে গৈছে নেকি, সেয়ে এতিয়া খবৰ ওলাইছে বিয়াৰ।

You might also like