নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২২ বছৰৰ ভিতৰত মার্চত সর্বোচ্চ তাপমাত্রা ভাৰতত

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ চলিত বর্ষৰ মার্চ মাহৰ তাপমাত্রা ১২২ বছৰৰ ভিতৰত সর্বোচ্চ৷ এই মার্চত ভাৰতৰ প্রান্তে প্রান্তে তাপমাত্রা স্বাভাৱিকতকৈ ৪.৫ ডিগ্রী চেলছিয়াছ অধিক পোৱা গৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে, ১২২ বছৰৰ ভিতৰত মার্চ মাহৰ তাপমাত্রা সর্বাধিক৷ ২০২২ চনৰ পূর্বে অর্থাৎ ২০২০ চনৰ মার্চ মাহত তাপমাত্রা আছিল ৩৩.০৯ ডিগ্রী চেলছিয়াছ৷ বতৰ বিজ্ঞান বিভাগৰ মতে, হিমাচল প্রদেশ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পঞ্জাব আৰু ৰাজস্থানত মার্চ মাহৰ স্বাভাৱিক তাপমাত্রাতকৈ চলিত বর্ষৰ মার্চত তাপমাত্রা ৪.৫ ডিগ্রী চেলছিয়াছতকৈ অধিক বুলি লিপিবদ্ধ কৰা হৈছে৷ এই অঞ্চলকেইটাৰ উপৰি মুম্বাইত চলিত বর্ষৰ মার্চত তাপমাত্রা ৪০ ডিগ্রী চেলছিয়াছ স্পর্শ কৰিছে৷ মার্চৰ সামৰণিত তাপমাত্রৰ হীনডেঢ়ি ঘটিলেও এপ্রিলত তাপমাত্রা পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক৷ এপ্রিলৰ প্রথম সপ্তাহত দেশৰ বিভিন্ন প্রান্তত তাপমাত্রা অধিক বৃদ্ধি পাব বুলি বতৰ বিজ্ঞানে আগজাননী দিছে৷ এনে পৰিপ্রেক্ষিতত দেশবাসীক কিছু সাৱধানতা অৱলম্বন কৰাৰো পৰামর্শ আগবঢ়াইছে৷

উল্লিখিত ৰাজ্যকেইখনত তাপমাত্রা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনাক লৈ শ্রম মন্ত্রালয়, শক্তি মন্ত্রালয় আৰু অগ্ণিনির্বাপক বাহিনীক সতর্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে৷ সূর্যৰ প্রখৰ ৰশ্মিৰ পৰা পার্যমানে নিজকে আঁতৰাই ৰখাৰ বাবে যথাসম্ভৱ চেষ্টা কৰাৰ পৰমর্শ আগবঢ়াইছে৷ কিয়নো অধিক তাপমাত্রাই স্বাস্থ্যৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পেলোৱাৰ পূর্ণ সম্ভাৱনা থাকে৷

You might also like