নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাত পৌৰ নিগমৰ নির্বাচন

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ অনিশ্চয়তাৰ গর্ভত সোমাই পৰিছে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন৷ বিগত ১৮ মাহ ধৰি নির্বাচিত প্রতিনিধি অবিহনে পৌৰ নিগমৰ কাম–কাজ চলি থকাৰ পাছতো নির্বাচন অনুষ্ঠিত কৰিবলৈ আগ্রহী নহয় ৰাজ্য চৰকাৰ৷ আগন্তুক ফেব্রুৱাৰী, মার্চতো বাদেই এপ্রিল মাহতো পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত নহয় বুলি ৰাজ্যিক নির্বাচন আয়োগৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷

সূত্রটোৱে জনোৱা মতে, ৰাজ্যিক নির্বাচনী আয়োগে পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনক যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ বাবে পত্র প্রেৰণ কৰিছে৷ কিন্তু ৰাজ্য চৰকাৰে পৌৰ নিগমৰ পূর্বৰ ৩১টা ৱার্ড ৬০টালৈ বৃদ্ধি কৰাৰ বাবে পৰিকল্পনা লৈছে যদিও এতিয়ালৈকে এই সন্দর্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই৷ ফলস্বৰূপে পৌৰ নিগমৰ নির্বাচনৰ দিন ৰাজ্যিক নির্বাচন আয়োগে ঘোষণা কৰিব পৰা নাই৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, ফেব্রুৱাৰী আৰু মার্চ মাহত বিদ্যালয়, মহাবিদ্যালয়সমূহত্ পৰীক্ষা অনুষ্ঠিত হ’ব৷ এপ্রিল মাহত ৰঙালী বিহু, গতিকে এই সময়ছোৱাত নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয়৷

লক্ষণীয় যে সাম্প্রতিক পৰিস্থিতিক লৈ উদ্বিগ্ণ হৈ থকা ৰাজ্য চৰকাৰে পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ২০১৮ চনৰ ৩১ জুলাইত পৌৰ নিগমৰ নির্বাচিত প্রতিনিধিৰ কার্যকাল অন্ত পৰিছিল৷ উক্ত বর্ষৰ জুলাই মাহতে ৰাজ্য চৰকাৰে পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰিব লাগিছিল৷ কিন্তু কি কাৰণত আজি পর্যন্ত পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ নকৰিলে সেয়া ৰহস্যৰ বিষয়৷ পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত নকৰাৰ বাবে গুৱাহাটী মহানগৰীৰ উন্নয়নমূলক কাম–কাজত স্থবিৰতা আহি পৰিছে৷ বহু ৱার্ডৰ উন্নয়নমূলক কাম–কাজ আধৰুৱা হৈ পৰি ৰৈছে৷ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ বহু অঞ্চলত উন্নয়নমূলক কাম–কাজত আধৰুৱা হৈ থকাৰ পাছতো পৌৰ আয়ুক্তই কামসমূহ সম্পূর্ণ কৰাৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ সেয়েহে গুৱাহাটী মহানগৰীৰ সর্বাংগীন উন্নয়নৰ বাবে শীঘ্রে চৰকাৰক পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে৷

guইফালে গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ (ম) জিলা প্রশাসন সম্পূর্ণৰূপে সাজু বুলি প্রশাসনৰ এক শীর্ষ সূত্রই সদৰী কৰিছে৷ ৰাজ্য চৰকাৰ আৰু নির্বাচন আয়োগে পৌৰ নিগমৰ নির্বাচনৰ দিন ঘোষণা কৰিলেই জিলা প্রশাসনে শান্তিপূর্ণ আৰু সুকলমে পৌৰ নির্বাচন অনুষ্ঠিত কৰিবলৈ প্রস্তুত বুলি সূত্রটোৱে সদৰী কৰে৷

You might also like