অন্তঃসত্ত্বাঃ টেনিছৰ ৰাণী মাৰিয়া ছাৰাপোভাৰ অনুৰাগীলৈ ভাল খবৰ
বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ বিশ্ব মহিলা টেনিছ খেলুৱৈৰ কথা ওলালে হয়তো বহুতৰে মুখত প্ৰথমেই ভাহে মাৰিয়া ছাৰাপোভাৰ মুখখনি। এফালে টেনিছৰ যাদু, আনপিনে অপৰূপ সৌন্দৰ্যৰ গৰাকী ছাৰাপোভাৰ অনুৰাগীলৈ এক সুখৰ খবৰ। মাক হ’বলৈ ওলাইছে বিশ্ব টেনিছৰ ৰাণী। নিজেই এই কথা জনাইছে পাঁচবাৰকৈ গ্রেণ্ড শ্লাম জয়ী ৩৫ বছৰ বয়সীয়া ছাৰাপোভাই। মংলবাৰে আছিল ছাৰাপোভাৰ ৩৫ সংখ্যক জন্মদিন। এই বিশেষ দিনটোতেই ইনষ্টাগ্রামত নিজৰ ফটো দি লিখিছে- ‘বহুমূলীয়া আৰম্ভণি। দুজনৰ বাবে জন্মদিনৰ কেক খোৱাটো মোৰ বাবে আৰু বিশেষ।’ এই বছৰৰ শেষত বা ২০২৩ চনৰ আৰম্ভণিতে সন্তান জন্ম দিব ৰাছিয়াৰ খেলুৱৈগৰাকীয়ে। ২০২০ চনৰ ফেব্রুৱাৰীত টেনিছৰ পৰা অৱসৰ লৈ সুন্দৰী ছাৰাপোভাই সেই বছৰৰ ডিচেম্বৰত ব্রিটিছ ব্যৱসায়ী আলেকজেণ্ডাৰ গিলকছৰ সৈতে বাকদানৰ ঘোষণা কৰে।