নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱক-যুৱতীৰ গ্রীষ্মৰ পোছাক কেনে হোৱা উচিত

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ আৰম্ভ হৈছে গ্রীষ্মৰ তাপদাহ। তাৰ লগতে পৰিৱর্তন আহিছে মানুহৰ পোছাক পৰিধানত। শীতৰ ভাৰি-মোটা কাপোৰ এতিয়া বাকচ বা আলমাৰীৰ এচুকত সামৰি থোৱা হৈছে। আৰামদায়ক পাতল কপাহী কাপোৰৰ পোছাক সকলোৱে আদৰি ল’বলৈ লৈছে।
যুৱকৰ গ্রীষ্মৰ পোছাকঃ

গৰমৰ দিনত যুৱক তথা পুৰুষৰ পোছাকক লৈ বিপাকত পৰিব লগা হয়। সেয়ে গ্রীষ্মকাল আৰম্ভ হোৱাৰ আগেয়ে পোছাক নির্বাচন কৰি ৰাখিব পাৰিলে খুব ভাল। পুৰুষৰ সবাতোকৈ স্বস্তিদায়ক পোছাক হৈছে টি-ছার্ট। ঘৰতে হওক বা প্রাত্যহিক কামত বিভিন্ন ঠাইলৈ যাবলৈও টি-ছার্টৰ সৈতে কার্গো পেন্ট অথবা থ্রি কোৱার্টাৰ পেন্ট পিন্ধি অনায়াসে স্বাচ্ছন্দে ঘুৰিব যাব পাৰে।
আকৌ হাফ হাতৰ ব্লক, বাটিক অথবা প্রিন্টৰ ছাৰ্টৰ সৈতে গেবার্ডিন বা জিন্স পেন্টে আৰাম দিয়ে গৰমত।

কর্মক্ষেত্রৰ পোছাক আকৌ কিছু ভিন্ন। এইক্ষেত্রত অৱশ্যই নিজৰ আৰামৰ লগতে কর্মক্ষেত্রৰ পৰিৱেশৰ কথা ধ্যানত ৰাখিব লাগিব। অফিচত কেজুৱেল লুক এলাউড হ’লে স্ট্রেটকাট জিন্সৰ সৈতে ব্লক প্রিন্টৰ ছার্ট পিন্ধিব পাৰে। আৰু তেনে নহ’লে এক ৰঙৰ অথবা চেক প্রিন্টৰ ফুল হাতৰ কটন ছার্টৰ সৈতে পাতল ৰঙী গেবার্ডিন পেন্ট পিন্ধি আৰামদায়ক ফর্মেল লুক আদৰি ল’ব পাৰে।
ইয়াৰ উপৰি উৎসৱ-অনুষ্ঠানত পিন্ধিবলৈ পাঞ্জাবী অথবা পাতলকৈ কৰা কামৰ ছেৰৱানি বাছিব পাৰে। মনত ৰাখিব গৰমত যিয়ে নিপিন্ধক কিয় কাপোৰৰ ৰং যেন পাতল তথা কাপোৰ যেন হয় শতভাগ কপাহী।

যুৱতীৰ গ্রীষ্মৰ পোছাকঃ

গৰমত মহিলাৰ পোছাক নির্বাচনত কপাহী কাপোৰেই প্রাধান্য পায় বেছি। ঘৰৰ ভিতৰত কেজুৱেল পোছাক পিন্ধি থাকোতে বাহিৰলৈ যাওঁতে খুব ফৰ্মেল গধুৰ পোছাক পিনধা কঠিন হৈ পৰে।
চাকৰি কৰা যুৱতীৰ পোছাকে হওঁক আৰু বিশ্ববিদ্যালয়ৰ পঢ়ুৱৈ অথবা ব্যৱসায়ী যুৱতী, পোছাক ফেশ্বনেবল তথা ৰুচিসম্মত হোৱাটো প্ৰধান। অফিচ-আদালতে পিন্ধিবলৈ সামান্য ব্লক প্রিন্টৰ কটন বা লিনেন ছেলোয়াৰ কামিজ অথবা কুর্তি সবাতোকৈ ভাল হয়। কুর্তিৰ সৈতে পালাজো, টাইটছ অথবা পাতল জিন্স পিন্ধিব পাৰে। বিচাৰিলে লগত পাতল চিল্কৰ এখন স্টল ডিঙিত মেৰিয়াই ল’ব পাৰে।

বিশ্ববিদ্যালয়ৰ পঢ়ুৱৈ যুৱতীৰ বাবে গৰমৰ উৎকৃষ্ট ততা ফেশ্বনেবল পোছাক কপাহী কাপোৰৰ কুর্তি। আকৌ টি ছার্ট-জিন্স অথবা স্কার্ট-টপ পিন্ধি যাব পাৰে।
ব্যৱসায়ৰ কামত বাহিৰত ঘুৰি-ফুৰাসকলে খুব কেজুৱেল পোছাক পৰিধানেই ভাল।
গৰমত বিয়া-পাৰ্টীৰ দৰে উৎসৱ-অনুষ্ঠানত পোছাক নির্বাচন কৰা কিছু কঠিন হয়। সামান্য বুদ্ধি খটুৱাই ভাবিব পাৰিলে পোছাক হ’ব পাৰে উজ্বলো আৰু আৰামদায়কো।

You might also like