নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটা দশকৰ পিছত প্রথমবাৰৰ বাবে কর্প’ৰেট–আয়কৰ সংগ্রহ নিম্নগামী

বিগত বর্ষৰ তুলনাত ৫.৫ শতাংশ হ্রাস

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ বিগত দুটা দশকৰ পাছত প্রথমবাৰৰ বাবে দেশৰ কর্প’ৰেট আৰু আয়কৰ সংগ্রহ নিম্নগামী হৈছে ৷ চলিত বর্ষৰ জানুৱাৰী মাহত বিগত বর্ষৰ তুলনাত ৫.৫ শতাংশ এই কৰ সংগ্রহ হ্রাস পাইছে ৷ কৰ বিভাগৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে, ২৩ জানুৱাৰীলৈকে দেশত সংগৃহীত কর্প’ৰেট আৰু কৰৰ পৰিমাণ হৈছে ৭.৩ লাখ কোটি টকা৷ চলিত বিত্তীয় বর্ষৰ সামৰণি ৩১ মার্চলৈকে নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে কৰ সংগ্রহ ১৩.৫ লাখ কোটি টকাৰ লক্ষ্য লৈছিল যদিও কার্যতঃ ই সক্ষম নহ’ল ৷

চৰকাৰে বিত্তীয় বর্ষটোৰ ১৭ শতাংশ কৰ সংগ্রহ বৃদ্ধিৰ লক্ষ্য লৈছিল যদিও তথ্য মতে পূর্বৰ বর্ষতকৈ অর্থাৎ বিগত দুটা দশকৰ ভিতৰত চলিত বিত্তীয় বর্ষত কৰ সংগ্রহ হ্রাস পাইছে ৷ কৰ বিভাগৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে আর্থিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ লগতে কর্প’ৰেট কৰ হাৰ কর্তন কৰাৰ বাবেই দেশৰ কর্প’ৰেট আৰু কৰ সংগ্রহ হ্রাস পাইছে ৷ বিত্তীয় বর্ষ ২০১৮–১৯ত কৰ বিভাগে কৰ সংগ্রহৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ পাছতো কোনো কাৰণতে ১১.৫ লাখ কোটি টকাৰ সীমা স্পর্শ কৰিব নোৱাৰে বুলি কয় শীর্ষ বিষয়াই ৷ জ্যেষ্ঠ শীর্ষ বিষয়াই প্রকাশ কৰা মতে ২০১৯ বিত্তীয় বর্ষত প্রত্যক্ষ কৰ সংগ্রহ ১০ শতাংশ নিম্নগামী হোৱাৰ সম্পূর্ণ সম্ভাৱনা আছে ৷ মন কৰিবলগীয়া যে চৰকাৰৰ ৰাজহৰ ৮০ শতাংশই কৰৰ পৰা সংগ্রহ হয় ৷ কৰ সংগ্রহ হ্রাস পোৱাৰ বাবে চৰকাৰে ব্যয় হ্রাস কৰাৰ পৰিকল্পনা কৰিব লাগিব ৷

You might also like