নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল নাই, বিদ্যুৎ নাই, জ্বলিছে ক্ষোভৰ অগনিঃ পুনৰ জৰুৰী অৱস্থা ঘোষণা শ্ৰীলংকাত

বিশেষ বাৰ্তা, ৭ মেঃ আর্থিক সংকটে চৰম ৰূপ লৈছে শ্ৰীলংকাত। ঘৰে ঘৰে পানী নাই, খাদ্য নাই। বিদ্যুৎ সংযোগো বিছিন্ন। বেছিভাগ সময়েই অন্ধকাৰত কটাবলগীয়া হৈছে সাধাৰণ মানুহে। আর্থিক বিপর্যয়ৰ বাবে চৰকাৰলৈয়ে আঙুলি তুলিছে শ্ৰীলংকাৰ বাসিন্দাসকলে। ক্ষোভৰ পাৰ ভাগিছে। পুনৰ পথত নামি তুমুল বিক্ষোভ আৰম্ভ হৈছে। পৰিস্থিতি এনে পর্যায়লৈ গৈছে যে আসন্ন বিপদৰ ভয়ত পুনৰ শ্রীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰিছে গোতাবায়া ৰাজাপক্ষেৰ চৰকাৰে। শুকুৰবাৰে মাজ ৰাতিৰ পৰা দেশৰ শাসনভাৰ সেনাবাহিনীৰ হাতত তুলি দিয়া হৈছে। ভয়ানক অর্থনৈতিক সংকটৰ মুখত পৰিছে শ্রীলংকা। ১৯৪৮ চনত শ্রীলংকাই স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা দেশৰ অর্থনৈতিক ক্ষেত্রত এনে পৰিস্থিতি কেতিয়াও দেখা যোৱা নাই। ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেৰ পদত্যাগৰ দাবীত হাজাৰ হাজাৰ মানুহে তেওঁৰ বাসভবনৰ সম্মুখত বিক্ষোভত ছামিল হৈছে। ইয়াৰ আগতে এপ্রিল মাহতো এনে ভয়ানক বিক্ষোভ আৰম্ভ হৈছিল শ্রীলংকাত।

You might also like