নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ দিনত স্বাস্থ্য়ৱান হৈ থাকিবৰ বাবে কি কি খাব?

পাৰা স্তৰ বৃদ্ধি হোৱা আৰু ভোক হ্ৰাস হোৱাৰ লগে লগে উপযুক্ত পুষ্টিৰ দ্বাৰা হিট-ষ্ট্ৰোক, এচিডিটি, ইলেক্ট্ৰলাইট হেৰুওৱা আৰু নিম্ন শক্তিৰ বিপদাশংকা নিযন্ত্ৰণ কৰিব লাগিব-

আপুনি আপোনাৰ গ্ৰীষ্মকালীন আহাৰত অন্তভূক্ত কৰিবলগীযা শীষ খাদ্য়সমূহ-

১)তৰমুজ- তৰমুজবোৰ ৰসাল,শীতল আৰু স্বাস্থ্য়কৰ। এই খাদ্য়বিধে আমাক ককট ৰোগ,উচ্চ ৰক্তচাপ হ্ৃদৰোগৰ দৰে কেইবাটাও স্বাস্থ্য় সমস্য়া প্ৰতিহত কৰাত সহায কৰে। তৰমুজ পেটৰ বাবেও ভাল আৰু ওজন হ্ৰাস কৰে।ইযাক চালাড,ডেজাট,স্মুডি,মিল্কশ্বেক আৰু চালছা হিচাপেও খাব পাৰি।
২)বেল- এই সুগন্ধি ফলবিধ দেহ শীতল কৰাৰ বাবে আৰু এচিডিটিৰ বাবে সবশ্ৰেষ্ঠ খাদ্য়। ই যেনেকৈ থাকে তেনেকৈয়ে প্ৰস্তুত কৰিব পাৰি বা ইযাৰ পৰা ৰস বা চৰবত প্ৰস্তুত কৰিব পাৰি।এখন চামুচৰ সহাযত বেলটোৰ পৰা কোমল মণ্ডটো উলিয়াই একাপ পানী যোগ দিয়ক। এই মিশ্ৰণটো ২০ মিনিটৰ বাবে তিযাই ৰাখক।আপুনি মিশ্ৰণটো চাপ দিব পাৰে বা ইযাক যেনেকৈ আছে তেনেকৈ ব্য়ৱহাৰ কৰিব পাৰে।তাৰ পিছত ২ টেবুল স্পুন গুড , ১ চাহ চামুচ ভজা জিৰা গুৰি,১ ২ চামুচ ইলাচী পাউডাৰ আৰু দুই পিন্ঞ্চ কলা নিমখ যোগ দিয়ক।খুব ভালদৰে মিহলি কৰক আৰু পৰিৱেশন কৰক।
৩)দৈ- গ্ৰীষ্মকালৰ বাবে সম্পূণৰুপে উপযুক্ত,এই প্ৰটিন পেক আৰু নিয়ন্ত্ৰিত খাদ্য়ই আপোনাৰ ভোক পূৰণ কৰে আৰু আপোনাক নিমখীয়া,উচ্চ কেলৰিযুক্ত আহাৰৰ পৰা আতৰাই ৰখাত সহায় কৰে।ইয়াত প্ৰৱায়োটিক থাকে,যি আপোনাৰ পাচন তন্ত্ৰ স্বাস্থ্য়ৱান কৰি ৰাখিব।
৪)থেকেৰা- ই ভোক উদ্দীপিত কৰে আৰু হজম শক্তি উন্নত কৰে।ইয়াক তৰকাৰী লগত যোগ দিব পাৰি আৰু থেকেৰাৰ ৰস গ্ৰীষ্মকালৰ বাবে অতি উপযোগী।ইয়াৰ পৰা চৰবত প্ৰস্তুত কৰিবও পাৰি।

You might also like