বিশেষ বাৰ্তা, ৯ মেঃ মাতৃ দিৱসৰ দিনা সদ্যোজাত কন্যা সন্তানটিৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিলে গ্ল’বেল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। কণমানি সন্তানটিক বুকুৰ মাজত সাৱটি লৈছে প্ৰিয়ংকাই, লগত আছে গিৰিয়েক নিক জোনাছ। এনআইচিইউত ১০০ দিন থকাৰ পাছত অৱশেষত ঘৰলৈ আহিল কন্যা মালতি মেৰী। ফটোৰ সৈতে দীঘলীয়া অনুভৱো লিখিলে প্ৰিয়ংকাই। তেওঁ হাস্পাতালৰ ডাক্তৰ, নাৰ্চ সকলোকে ধন্যবাদো জনালে। ছাৰোগেচী পদ্ধতিৰে যোৱা জানুৱাৰীত প্ৰিয়ংকা আৰু নিক জোনাছে তেওঁলোকৰ কন্যা সন্তানটিৰ জন্ম হোৱাৰ খবৰ দিছিল।
Prev Post
You might also like