নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব বক্সিঙত জয়েৰে অভিযান লাভলীনাৰ

নিয়মীয়া বাৰ্তা, ১১ মেঃ টকিঅ’ অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী অসমকন্যা লাভলীনা বৰগোহাঁয়ে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দর্শনীয় আৰম্ভণি ঘটাবলৈ সক্ষম হৈছে৷ ২৪ বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীয়ে ৭০ কেজি শাখাত প্রাক্তন বিশ্ব চেম্পিয়ন চেন নিয়েন চিনক ৩–২ ব্যৱধানত পৰাজিত কৰি অগ্রগতি লাভ কৰিছে৷

উল্লেখ্য যে মেচখনত অৱতীর্ণ হোৱাৰ পূর্বে চাইনিজ টাইপেইৰ বক্সাৰগৰাকীয়ে পূর্বৰ চাৰিবাৰৰ মুখামুখিত তিনিবাৰ লাভলীনাৰ বিপক্ষে জয়লাভ কৰিছিল৷ ২০১৮ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত তেওঁ লাভলীনাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ বিপৰীতে টকিঅ’ অলিম্পিকৰ কোৱার্টাৰ ফাইনেলত ব্রঞ্জৰ পদকৰ যুঁজত লাভলীনাই পৰাস্ত কৰিছিল চেনক৷ আজি মেচখনত দুয়োগৰাকী খেলুৱৈয়ে আৰম্ভণিৰে পৰা আক্রমণাত্মক প্রদর্শন আগবঢ়াইছিল৷ কিন্তু অসম গৌৰৱ লাভলীনা অন্তিম মুহূর্তলৈকে যুঁজ দি বিজয়ী হ’বলৈ সক্ষম হয়৷

উল্লেখ্য যে ২০১৮ আৰু ২০১৬ চনৰ বিশ্ব চেম্পিয়নশ্বিপত চেনে ক্রমে স্বর্ণ আৰু ব্রঞ্জৰ পদক অর্জন কৰিছিল৷ তেওঁ মেচখনত বিজয়ী হ’বলৈ সর্বশক্তি প্রয়োগ কৰে যদিও লাভলীনাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়৷ অহা শুকুৰবাৰে লাভলীনাই প্রি–কোৱার্টাৰ ফাইনেলত চিণ্ডি এনগাম্বাৰ বিপক্ষে অৱতীর্ণ হ’ব৷ ইপিনে, আনগৰাকী অসমকন্যা অংকুশিতা বড়োৱেও দ্বিতীয় ৰাউণ্ডত প্রৱেশ কৰিবলৈ সক্ষম হৈছে৷ অংকুশিতাই আজি প্রথম ৰাউণ্ডৰ খেলত বাই লাভ কৰে৷

You might also like