নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ছাহীন বাগত হোৱা ‘কা’ বিৰোধী প্ৰতিবাদত অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । বামপন্থী ছাত্ৰ নেতা ছাৰ্জিল ইমামে এই প্ৰতিবাদৰ মাজতে অসম তথা উত্তৰ-পূবক পৃথক কৰাৰ এক বক্তব্য দাঙি ধৰে ।
অসমলৈ অহা ৰে’ল লাইন বিচ্ছিন্ন কৰি অসম তথা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ পাচতেই কেন্দ্ৰ চৰকাৰে আঁঠু ল’বলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে এইগৰাকী বামপন্থী ছাত্ৰনেতাই । দেশক খণ্ড-বিখণ্ড কৰাৰ ষড়যন্ত্ৰত লিপ্ত এইগৰাকী ছাত্ৰনেতা হৈছে বিখ্যাত ‘টুকৰে টুকৰে’ গেঙৰ নেতা ।
‘কা’বিৰোধী আন্দোলনৰ ভাষণত এইগৰাকী নেতাই কয় , ‘আপোনালোকে আমাক সহয় কৰিলে উত্তৰ-পূব ভাৰতক দেশৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন কৰিব পাৰিম । চিৰদিনৰ বাবে নহ’লেও অলপ দিনৰ বাবে আমি ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব পাৰিম উত্তৰ-পূবক । উত্তৰ-পূবক নহ’লেও অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ দায়িত্ব আমাৰ । আমি যদি ৰেল লাইন উঠাই দিও, অতি কমেও এমাহ লাগিব ইয়াক মেৰামতি কৰিবলৈ । তেতিয়াহে ভাৰত চৰকাৰে আমাৰ কথাত গুৰুত্ব দিব । আপোনালোকে জানেনে অসমত মুছলমান কেনেকুৱা অৱস্থাত আছে ? সংশোধিত নাগৰিকত্ব আইন ইতিমধ্যে বলৱত হ’ল আৰু ডিটেনচন কেম্পত মানুহক বলপূৰ্বক ভৰোৱা হৈছে । অসমত বৰ্তমান ধাৰাবাহিক হিংসা অব্যাহত আছে । আগন্তুক ৬ ৰ পৰা ৮ মাহৰ ভিতৰত সকলো বঙালী হিন্দুৱে হওঁক বা মুছলমানেই হওঁক হত্যা কৰা হ’ব । আমি যদি তেওঁলোকক বচাব লাগে তেনেহলে ভাৰতৰ লগত অসমৰ যোগাযোগ বিচ্ছিন্ন কৰিব লাগিব ।’
ইফালে, ছাৰ্জিল ইমাম নামৰ এইগৰাকী বিতৰ্কিত ছাত্ৰ নেতাৰ এই বক্তব্যৰ পাচতেই ইয়াৰ বিৰুদ্ধে অসম চৰকাৰে এক গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শনিবাৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত উল্লেখ কৰে এই কথা ।