নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱাৰ অনলাইন পঞ্জীয়ন ব্যৱস্থাঃ দিনটোৰ অধিকাংশ সময় ৱেবছাইট থাকে ‘মেইণ্টেনেন্স’ত; আপলোড নলয় নথি

নিয়মীয়া বাৰ্তা, ১৬ মে’: শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে প্রতিশ্রুতি অনুসৰি ৰাজ্যত এক লাখ নিবনুৱাক চৰকাৰী পদত নিযুক্তি দিবলৈ অগ্রসৰ হৈছে৷ ইয়াৰ অংশ হিচাপে যোৱা ১৪ মে’ত ২৩ হাজাৰ পদত নিযুক্তি দিয়াৰ সমান্তৰালভাৱে আন ২৬ হাজাৰ পদৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰিছে৷ কিন্তু এই পদসমূহৰ বাবে আবেদন কৰিবলৈ গৈও থমকি ৰ’বলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱা৷ কিয়নো এই বিজ্ঞাপন অনুসৰি প্র–পত্র পূৰণৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত অনলাইন পঞ্জীয়ন কৰাত লাখ লাখ নিবনুৱা ব্যর্থ হৈছে৷

ছার্ভাৰ ডাউনকে ধৰি বিভিন্ন সমস্যাৰ বাবে একপ্রকাৰ প্রহসনত পৰিণত হৈছে ৰাজ্যৰ নিবনুৱাৰ অনলাইন পঞ্জীয়ন ব্যৱস্থা৷ নেচনেল ইনফর্মেচন চেণ্টাৰে যাৱতীয় কাৰিকৰী সহায় আগবঢ়োৱা নিয়োগ বিনিময় কেন্দ্রৰ অফিচিয়েল ৱেবছাইট দিনটোৰ অধিকাংশ সময়েই বিকল হৈ থাকে৷ অনলাইন পঞ্জীয়নৰ বাবে এই ৱেবছাইটটো খোলাৰ লগে লগে সংশ্লিষ্ট পেজটো ‘মেইণ্টেনেন্স’ৰ বাবে উপলব্ধ নহয় বুলি এক বার্তা প্রদান কৰা হয়৷

লক্ষণীয়ভাৱে বহু সময়ত সংশ্লিষ্ট কর্তৃপক্ষই এই বার্তাত কোন কোন সময়ত ৱেবছাইটটো উপলব্ধ নহ’ব, তাৰ তথ্য উল্লেখ কৰে৷ কিন্তু তেওঁলোকে নির্ধাৰণ কৰা সময়ৰ পাছত ৱেবছাইটটো খুলিলেও একেটা বার্তাই জিলিকি থকা পৰিলক্ষিত হয়৷ যাৰ বাবে অনলাইন পঞ্জীয়ন কৰিবলৈ ঘণ্টা ঘণ্টা যুঁজিও ব্যর্থ হৈছে নিবনুৱাসকল৷ কেতিয়াবা অনলাইন পঞ্জীয়নৰ অফিচিয়েল ৱেবছাইট খোল খালেও আধাৰ নম্বৰ দাখিল কৰাৰ পাছতো পঞ্জীয়ন কৰা নম্বৰত অ’ টি পিৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়৷ অ’ টি পি লাভ কৰিলেও কেতিয়াবা ৱেবছাইটত নিবনুৱাসকলে আপলোড কৰিব নোৱাৰে যাৱতীয় নথিপত্র৷ মুঠৰ ওপৰত সমগ্র অনলাইন ব্যৱস্থাটোৱেই দিনটোৰ অধিকাংশ সময় বিকল হৈ থকা বুলি ক’ব পাৰি৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বর্তমান অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয় কৰাটো বাধ্যতামূলক৷ জিলাই জিলাই কেন্দ্রৰ কার্যালয় আছে যদিও অফলাইন মাধ্যমেৰে নাম পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ আনকি অফলাইন মাধ্যমেৰে পূর্বে পঞ্জীয়ন কৰা নম্বৰসমূহ ম্যাদ থকা সত্ত্বেও যোৱা ৩১ মার্চৰ পৰা সেইসমূহ পঞ্জীয়ন নম্বৰৰ গ্রহণযোগ্যতা নোহোৱা হৈছে৷ অফলাইন মাধ্যমেৰে নাম পঞ্জীয়ন কৰাসকলেও ৩১ মার্চৰ পাছত পুনৰ অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷

অনলাইন মাধ্যমেৰে নাম পঞ্জীয়ন কৰা নিবনুৱাইহে ৰাজ্য চৰকাৰে বিজ্ঞাপন প্রকাশ কৰা ২৬ হাজাৰ পদৰ বাবে আবেদন কৰিব পাৰিব৷ এনে পৰিস্থিতিত বহু প্রার্থীয়ে অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নৰ চেষ্টা চলাই আহিছে৷ কিন্তু এইক্ষেত্রত ৱেবছাইটৰ সমস্যাৰ বাবে তেওঁলোক সফল হোৱা নাই৷ ইফালে নতুনকৈ বিজ্ঞাপন প্রকাশ কৰা ২৬ হাজাৰ পদৰ বাবে প্র–পত্র পূৰণৰ অন্তিম সময় হৈছে অহা ৩০ মে’৷ অর্থাৎ আজিৰ পৰা মাত্র ১৫ দিন সময়হে পদসমূহৰ বাবে প্র–পত্র পূৰণ কৰিবলৈ সময় লাভ কৰিব নিবনুৱা যুৱক–যুৱতীসকলে৷ ইয়াৰ প্রাক্ক্ষণত অনলাইন নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়নত ব্যর্থ হোৱা বাবে লাখ লাখ নিবনুৱাই একপ্রকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে৷ সমান্তৰালভাৱে নির্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে নতুন পদসমূহৰ বাবে আবেদন কৰিবলৈ সক্ষম হ’ব নে নহয়, তাক লৈও শংকাত ভুগিছে৷ বিভিন্ন সময়ত নিবনুৱা যুৱক–যুৱতীসকলে সংশ্লিষ্ট কার্যালয়সমূহত এই সন্দর্ভত অভিযোগ দাখিল কৰি আহিছে যদিও কোনো সুফল লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ এটা বিয়াগোম সঞ্চালকালয়ৰ অধীনত এই সমগ্র প্রক্রিয়া অব্যাহত থকাৰ পাছতো নিবনুৱাসকলৰ পঞ্জীয়ন প্রক্রিয়া কিয় সুচল হোৱা নাই বুলিও বহুজনে প্রশ্ণ উত্থাপন কৰিছে৷

উল্লেখ্য যে বর্তমানলৈ অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিছে মাত্র ৪,৭১,৯৮২জন লোকে৷ ইয়াৰে ৩,০৪,৫৩৮জন পুৰুষ আৰু ১,৬৭,৩৭২গৰাকী মহিলা৷ আধাৰসহ পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা হৈছে ৪০,২৮৬জন৷ আধাৰ অবিহনে ৩১,৬৯৬জনে অনলাইন মাধ্যমেৰে নিয়োগ বিনিময় কেন্দ্রত নাম পঞ্জীয়ন কৰিছে৷ নিয়োগ বিনিময় কেন্দ্রত পুনৰ পঞ্জীয়ন কৰা নিবনুৱাৰ সংখ্যা হৈছে ১,১০,৩০৯জন৷

You might also like