৩৪ বছৰৰ পুৰণি গোচৰ, সিদ্ধু যাব জেললৈ
বিশেষ বাৰ্তা, ১৯ মেঃ ১৯৮৮ চনৰ এটা হত্যাৰ গোচৰত প্রাক্তন ক্রিকেটাৰ তথা কংগ্রেছ নেতা নৱজ্যোৎ সিং সিদ্ধুক শাস্তি শুনাইছে ছুপ্রিম কোর্টে। তেওঁক এবছৰৰ কাৰাদণ্ড দিছে। ১৯৮৮ চনত এটা পথ দুর্ঘটনাৰ গোচৰত নাম জড়িত হৈছিল সিদ্ধুৰ। নিহতৰ পৰিয়ালৰ তৰফৰ পৰা গোচৰ দাখিল কৰা হৈছিল হত্যাৰ। প্রথমে পথ দুর্ঘটনাৰ গোচৰত জৰিমনা দি ৰেহাই পাইছিল সিদ্ধুৱে। পাছত নিহত গুৰনাম সিঙৰ পৰিয়ালে নতুনকৈ গোচৰ দাখিল কৰে। তাৰ ভিত্তিতেই এই শাস্তিৰ ৰায় দিছে দেশৰ শীৰ্ষ আদালতে।