নিয়মীয়া বাৰ্তা, ২১ মে’: দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ বাবে কঠোৰ নির্দেশনা৷ কেন্দ্রীয় চৰকাৰে মটৰ পৰিবহণ অধিনিয়ম ১৯৯৮ক উন্নীত কৰি মটৰচাইকেল চলোৱাৰ সময়ত চালকে সঠিকভাৱে হেলমেট পৰিধান কৰাটোত গুৰুত্ব আৰোপ কৰিছে৷ চালকে মটৰচাইকেল চলোৱাৰ সময়ত হেলমেটটোৰ ফিটা খুলি ৰাখিব নোৱাৰিব৷ ঠিক তেনেদৰে চলোৱাৰ সময়ত হেলমেট পিন্ধিলেই নহ’ব, হেলমেটটো বি এছ আইৰ (ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ড) স্বীকৃতিপ্রাপ্ত হ’ব লাগিব৷
মন কৰিবলগীয়া যে মটৰচাইকেল দুর্ঘটনাৰ সময়ত চালক আৰু আৰোহীয়ে হেলমেট পিন্ধিলে জীৱন ৰক্ষা পৰাৰ লগতে আঘাত কম হোৱাৰ প্রতি লক্ষ্য ৰাখিয়েই চৰকাৰে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে৷ হেলমেট পিন্ধাৰ সময়ত চালকে ফিতা যদি খুলি ৰাখে, তেতিয়াহ’লে ১,০০০ টকা জৰিমনা ভৰিব লাগিব৷ তদুপৰি পিন্ধা হেলমেটটোত যদি বি এছ আইৰ স্বীকৃতি নাথাকে, তেতিয়াহ’লে ১,০০০ ভৰিব লাগিব৷ অর্থাৎ হেলমেট সঠিকভাৱে নিপিন্ধা আৰু সঠিক হেলমেট নিপিন্ধাৰ বাবে মটৰচাইকেলৰ চালক আৰু আৰোহীয়ে ২,০০০ টকা ভৰিব লাগিব৷
আনপিনে সঠিক হেলমেট পিন্ধাৰ পাছতো যদি কোনোবাই পৰিবহণ আইন ভংগ কৰে, বিশেষকৈ ৰঙা লাইট অতিক্রম কৰি যায়, তেতিয়াহ’লে তেনে ক্ষেত্রত ২,০০০ টকা জৰিমনা বিহা হ’ব৷ কেন্দ্রীয় চৰকাৰৰ এই নতুন নির্দেশনাৰ বাবে মটৰচাইকেল চালক আৰু আৰোহী সাৱধান হোৱাৰ সময় হ’ল৷ অন্যথা জৰিমনা ভৰাটো নিশ্চিত৷