নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰাৰ বয়স ৯৫, ৮৪ বছৰীয়া কইনা, ‘বেলাশেষে’ দম্পত্য জীৱনৰ ‘বেলাশুৰু’, বিবাহত বহিল প্ৰথমবাৰ

বিশেষ বাৰ্তা, ২৪ মেঃ কোৱা হয় প্ৰেমৰ বয়স নাই। ব্ৰিটেইনতো একেধৰণৰ ঘটনা ঘটিছে। ৯৫ বছৰ বয়সত ভৰি থৈ এজন বয়োজ্যেষ্ঠই প্ৰেমত পৰিছে আৰু জীৱনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে। এই বয়োজ্যেষ্ঠজনৰ নাম জুলিয়ান ময়ল আৰু তেওঁৰ পত্নীৰ নাম ভেলেৰী উইলিয়ামছ। পত্নীৰ বয়স ৮৪ বছৰ। ২৩ বছৰ পূৰ্বে দুয়ো লগ পাইছিল এটা গীৰ্জাত। ইমান দিনে দুয়োৰে বন্ধুত্ব আছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জুলিয়ানে বিয়াৰ প্ৰস্তাৱ দিছিল ভেলেৰীক। এই প্ৰেমিক দম্পতীয়ে ১৯ মে’ত ব্ৰিটেইনৰ কাৰ্ডিফ অঞ্চলৰ একেটা গীৰ্জাতে বিবাহপাশত আবদ্ধ হয় য’ত তেওঁলোকে প্ৰথমবাৰৰ বাবে লগ পাইছিল। এই অনন্য বিয়াখনৰ সময়ত গীৰ্জাত নৱবিবাহিত দম্পতীৰ ৪০ জন বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্য উপস্থিত আছিল।
হানিমুনৰ বাবে যাব অষ্ট্ৰেলিয়ালৈঃ


নৱবিবাহিত দম্পতীয়ে কয় যে তেওঁলোকে মধুচন্দ্ৰিকাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব য’ত জুলিয়ানৰ প্ৰকৃত ঘৰ। বিয়া পাতি এই বয়সত কেনেকুৱা লাগিছে শীৰ্ষক প্ৰশ্নৰ উত্তৰত জুলিয়ানে কয় যে ৰোমান দেৱতা জানুছৰ দৰেই, যাৰ দুটা মূৰ আছিল যাতে তেওঁ ভৱিষ্যত আৰু অতীত দুয়োটা দিশলৈ চাব পাৰে। জুলিয়ানে ক’লে, ‘এয়া নতুন বছৰৰ দৰে।’ আনহাতে ভেলেৰীয়ে তেওঁৰ নতুন স্বামীক “এজন কল্পনাতীত ভদ্ৰলোক” বুলি অভিহিত কৰে। বিপৰীতে জুলিয়ানে তেওঁৰ প্ৰথম পত্নীক “বন্ধুত্বপূৰ্ণ” বুলি অভিহিত কৰিছে।

You might also like