কোৱাডত মোদীক ঘেৰিছে বাইডেনে! কথাৰ চলেৰে বাৰে বাৰে দিছে হেঁচা
বিশেষ বাৰ্তা, ২৪ মেঃ কোৱাড সন্মিলনৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰাছিয়াক তীব্ৰ ভাষাৰে আক্ৰমণ কৰি কয় যে পুটিনে কেৱল ইউক্ৰেইনৰ সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে। বাইডেনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক “ইতিহাসৰ কলংকৃত অধ্যায়” বুলি অভিহিত কৰি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে ভৱিষ্যতেও ইউক্ৰেইনলৈ প্ৰয়োজনীয় সাহায্য অব্যাহত থাকিব। চীনক ঘেৰিবলৈ ৰচনা কৰা কোৱাড সন্মিলনত ৰাছিয়াৰ বিষয়টো উত্থাপন কৰি বাইডেনে ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰিছে বুলি ধাৰণা কৰা হৈছে। ৰাছিয়াৰ আক্ৰমণক ভাৰতে এতিয়াও গৰিহণা দিয়া নাই আৰু এই সন্দৰ্ভত আমেৰিকাই ভাৰতৰ ওপৰত বহুবাৰ হেঁচা প্ৰয়োগ কৰিছে। আমেৰিকাৰ টিভি চেনেল চিএনএনে হোৱাইট হাউছৰ উদ্ধৃতি দি দাবী কৰিছে যে মোদীৰ সৈতে আলোচনাৰ সময়ত বাইডেনে ৰাছিয়াৰ বিষয়টো বিশেষভাৱে উত্থাপন কৰিছে। বাইডেনে কয় যে মিত্ৰৰাষ্ট্ৰসকলৰে মিলি তেওঁ বিশ্বব্যাপী সঁহাৰিৰ নেতৃত্ব দিব। ৰাছিয়াৰ আক্ৰমণে কোৱাডৰ লক্ষ্য আৰু ভাগ কৰা মূল্যবোধক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। চিএনএনৰ মতে, বাইডেনে কোৱাড বৈঠকত ৰাছিয়াৰ বিষয়টো উত্থাপন কৰি মোদীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে। ৰাছিয়াৰ আক্ৰমণক লৈ সমালোচনা নকৰা কোৱাডৰ একমাত্ৰ দেশ হ’ল ভাৰত।