পশ্চিমে ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰিলে পৰিস্থিতি আৰু ভয়াৱহ হ’ব, আকৌ সকীয়নি পুটিনৰ
বিশেষ বাৰ্তা, ৬ জুনঃ ইউক্ৰেইনৰ ৰাজধানী কিয়েভত কেইবাটাও বিস্ফোৰণে জোকাৰি যোৱাৰ কিছু ঘণ্টাৰ পাছতে আকৌ হুংকাৰ দিছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। পশ্চিমে ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰিলে মস্কোৱে নতুন লক্ষ্যত আক্ৰমণ কৰিব বুলি দেওবাৰে সকীয়াই দিয়ে ৰুছ ৰাষ্ট্ৰপতিগৰাকীয়ে। কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চহৰ চেভেৰ’ডনেটস্ক নিয়ন্ত্ৰণৰ বাবেও যুদ্ধ চলি আছেই আৰু ইউক্ৰেইনৰ বাহিনীয়ে এতিয়া চহৰখনৰ আধা অংশ নিয়ন্ত্ৰণ কৰিছে। ২৪ ফেব্ৰুৱাৰীত পুটিনে ৰুছ সেনাক ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছৰে পৰা হাজাৰ হাজাৰ সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে লাখ লাখ লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। বিশ্বৰ অপ্ৰতিৰোধ্য নেতাজনে কয় যে ‘ইউক্ৰেইনক দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ অৰ্থ হ’ল আমাক অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ উচতনি দিয়া, আমি আগতে আঘাত নকৰা লক্ষ্যত আঘাত কৰিম।’ যোৱা সপ্তাহত আমেৰিকাই ইউক্ৰেইনক উন্নত ক্ষেপণাস্ত্ৰ ব্যৱস্থা যোগান ধৰিব বুলি কোৱাৰ পিছতে পুটিনৰ এই মন্তব্য প্ৰকাশ পাইছে। ইউক্ৰেইনৰ বিষয়াসকলে ইয়াৰ পূৰ্বে দেওবাৰে জনাইছিল যে ২৮ এপ্ৰিলৰ পিছত কিয়েভত এনেধৰণৰ প্ৰথমটো আক্ৰমণত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ৰে’লৱেৰ আন্তঃগাঁথনিৰ স্থানত আঘাত হানে। ৰাছিয়াই কয় যে এই আক্ৰমণৰ ফলত পূব ইউৰোপৰ দেশসমূহে ইউক্ৰেইনলৈ যোগান ধৰা টেংকসমূহ ধ্বংস হৈছে।