নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন-ৰূপত সাজি উঠিব ক্লাব হাউছ-প্রেছ বক্স-ড্ৰেছিং ৰুম, ইডেন গাৰ্ডেন নে ফাইভ ষ্টাৰ হোটেল!

বিশেষ বাৰ্তা, ৮ জুনঃ সম্পূৰ্ণ সলনি হ’বলৈ ওলাইছে কলকাতাৰ আইকনিক ইডেন গাৰ্ডেনছ ক্ৰিকেট ষ্টেডিয়াম। আন আন সা-সুবিধাৰ লগতে ষ্টেডিয়ামৰ ক্লাব হাউচ, খেলুৱৈৰ ড্ৰেছিং ৰুম আৰু মিডিয়া চেণ্টাৰৰ সংস্কাৰ কৰি ষ্টেডিয়ামৰ সামগ্ৰিক উন্নয়ন প্ৰকল্পৰ প্ৰথম পৰ্যায়ত এক নতুন ৰূপ দিয়া হ’ব। ইয়াৰ মাজতে নিবিদা আহ্বান কৰি কেনেকৈ সকলো সজাই তোলা হ’ব তাৰে এখন নক্সা তৈয়াৰ কৰা হৈছে। মঙলবাৰে সেই নক্সাত চৰকাৰীভাবে স্বীকৃতি দিছে এপেক্স কাউন্সিলৰ সদস্যই। ইডেনৰ ক্লাব হাউচক সম্পূৰ্ণ বেলেগ ৰূপ দিয়া হ’ব। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ষ্টেডিয়ামখনৰ ক্লাব হাউচৰ ৰক্ষণাবেক্ষণ বহুদিন ধৰি হোৱা নাছিল। সেয়াই হ’বলৈ ওলাইছে এইবাৰ। দূৰ্গা পুজাৰ আগতে অষ্ট্ৰেলিয়াৰ বিপক্ষে এখন এদিনীয়া খেল হ’ব ইডেন গাৰ্ডেনত। তাৰ আগতেই সকলো কাম শেষ হ’ব লাগিব।

ইডেনৰ পথাৰক লৈ সমস্যা নাই, জল নিষ্কাষণ ব্যৱস্থাও বহু উন্নত। পাঁচখন আন্তর্জাতিকমানৰ ছুপাৰ-চোপাৰ আছে। এইবাৰ প্রেছ বক্স, মিডিয়া চেন্টাৰো সম্পূৰ্ণ সলনি কৰা হ’ব। প্রেছ বক্সৰ মান ভাল নহয়। এইবাৰ সলনি কৰা হব লর্ডছৰ দৰে। কাছৰ পিঠিখনৰ দৰে হ’ব দেৱালখন। প্রেছ কনফাৰেন্স হলটোও তেনে ভাল অৱস্থাত নাছিল। সেয়াও চকচকীয়াকৈ সলনি কৰি পেলোৱা হ’ব। শাৰী শাৰীকৈ সাংবাদিকৰ বহাৰ স্থান কৰা হ’ব। লর্ডছৰ দৰেই ইডেনত হ’ব স্পোর্টছ মিউজিয়াম। তাত ক্রিকেটাৰসকলৰ নানা বয়-বস্তু সংৰক্ষণ কৰি ৰখা থাকিব। আনকি বিৰল সংগ্রহ কিছুমানো থাকিব।

মঙলবাৰে চিএবিৰ প্রেচিডেণ্ট অভিষেক ডালমিয়াই কৈছে, ইডেনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গ্ৰাউণ্ড কৰাই তেওঁলোকৰ লক্ষ্য। সেই লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা লৈছে তেওঁলোকে। এপেক্স কাউন্সিল সদস্যৰ অনুমোদনৰ পাছতেই এই বছৰৰ শেষত সকলো কাম কৰি তুলিব পৰা যাব। নক্সাতকৈও আৰু উন্নত হ’ব ইডেনৰ ব্যৱস্থা।

You might also like