নিয়মীয়া বাৰ্তা, ১০ জুনঃ অহা ১৮ জুলাইত দেশৰ পৰৱর্তী ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰ কার্যকাল ২৪ জুলাইত সামৰণিৰ পূর্বে পৰৱর্তী ৰাষ্ট্রপতি নির্বাচনৰ বাবে ১৮ জুলাইৰ দিনটো নির্ধাৰণ কৰিছে৷ নতুন দিল্লীৰ নির্বাচন সদনত আয়োজিত এখন সংবাদ মেলত ভাৰতৰ নির্বাচন আয়োগৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ৰাষ্ট্রপতি নির্বাচনৰ দিন ঘোষণা কৰে৷ ১৮ জুলাইত নির্বাচন অনুষ্ঠিত হোৱাৰ পাছত ২১ জুলাইত ফলাফল ঘোষণা কৰা হ’ব বুলি মুখ্য নির্বাচন আয়ুক্ত কুমাৰে প্রকাশ কৰে৷
মুখ্য নির্বাচন আয়ুক্ত কুমাৰে কয়– ৰাষ্ট্রপতি নির্বাচনক লৈ ১৫ জুনত অধিসূচনা জাৰি কৰিব৷ ২৯ জুনত মনোনয়ন দাখিলৰ অন্তিম দিন আৰু মনোনয়ন পৰীক্ষণ কৰা হ’ব ২ জুলাইত৷ মুখ্য নির্বাচন আয়ুক্ত কুমাৰে ৰাষ্ট্রপতি নির্বাচনত দেশৰ ৪,৮০৯ জনপ্রতিনিধিয়ে অংশ ল’ব বুলি উল্লেখ কৰে৷
কুমাৰে প্রকাশ কৰা মতে, সাংসদ আৰু বিধায়কৰ মুঠ ৪,৮০৯জনে ৰাষ্ট্রপতি নির্বাচনত ভোটদান কৰিব৷ সংবিধানৰ অনুচ্ছেদ ৬২ অনুসৰি ৰাষ্ট্রপতিৰ কার্যকাল সম্পূর্ণ হোৱাৰ পূর্বেই পৰৱর্তী ৰাষ্ট্রপতি নির্বাচন কৰাটো বাধ্যতামূলক৷ সেই অনুসৰিয়েই বর্তমানৰ ৰাষ্ট্রপতি কোৱিন্দৰ কার্যকাল ২৪ জুলাইত সামৰণিৰ পূর্বেই দেশৰ পৰৱর্তী ৰাষ্ট্রপতি নির্বাচন হ’ব৷ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ আৰু ৰাজ্যসমূহৰ বিধানসভাৰ সদস্যৰ লগতে কেন্দ্রীয়শাসিত অঞ্চল দিল্লী আৰু পুডুচেৰীৰ বিধায়কসকলেও এই নির্বাচনত ভোটদান কৰিব পাৰিব৷
লক্ষণীয় যে ৰাজ্যসভা আৰু লোকসভা তথা বিধানসভালৈ মনোনীত হোৱা কোনো সদস্যই এই ৰাষ্ট্রপতি নির্বাচনত ভোটদান কৰিব নোৱাৰে৷ ঠিক তেনেদৰে ৰাজ্যসমূহৰ বিধান পৰিষদৰ সদস্যসকলেও ৰাষ্ট্রপতি নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে৷ উল্লেখ্য যে ২০১৭ চনত ৰাষ্ট্রপতি নির্বাচন ১৭ জুলাইত হৈছিল আৰু ২০ জুলাইত ফলাফল ঘোষণা কৰা হৈছিল৷