নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত ভাও ধৰি আক্রমণকাৰী বাঘৰ মুখৰ পৰা জীৱন ৰক্ষা, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মহাৰাষ্ট্রৰ ভাণ্ডাৰা জিলাত বাঘৰ আক্রমণৰ মুখত পৰা এজন মানুহে মৃত ভাও ধৰি ৰক্ষা পোৱা ঘটনাৰ ভিডিঅ’ই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’ ৷ বাঘে খেদি নি এজন লোকক আক্রমণ কৰিবলৈ লোৱা অৱস্থাতে লোকজনে মূৰ আছাৰ খাই পৰি যায় ৷ তেতিয়াই বাঘে আহি লোকজনৰ মূৰৰ ওচৰতে বহি লয় ৷

লগে লগে বাঘৰ এই সম্ভাব্য আক্রমণৰ পৰা জীৱন ৰক্ষা কৰিবলৈ লোকজনে মৃত ভাও জোৰে ৷ লক্ষণীয়ভাৱে মানুহজনৰ নিথৰ দেহ দেখি বাঘটোৱে আক্রমণ কৰাৰ পৰা বিৰত থাকে ৷ তেতিয়াই এদল লোকে খেদি আহি বাঘটোৰ ওচৰ পায় ৷ বহু মানুহক একেলগে খেদি অহা দেখাৰ লগে লগে বাঘে পলাই পত্রং দিয়ে ৷ ২৫ জানুৱাৰীত সংঘটিত এই ঘটনাই এতিয়া ছ’চিয়েল মিডিয়াত জ্বৰ তোলা সময়তে বন বিভাগৰ এগৰাকী বিষয়াই উল্লেখ কৰিছে যে উপস্থিত বুদ্ধিৰ জৰিয়তে যিকোনো লোকে অন্তিম মুহূর্তত হ’লেও জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় ৷

You might also like