নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবলঃ কঠিন গ্রুপত আয়োজক ভাৰত

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ আসন্ন ১৭ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবলৰ কঠিন গ্রুপত স্থান লাভ কৰিছে আয়োজক ভাৰতে৷ আজি ফিফাৰ মুখ্য কার্যালয় জুৰিখত প্রকাশ কৰা প্রতিযোগিতাখনৰ সূচী অনুসৰি, ভাৰতে গ্রুপ ‘এ’ত স্থান লাভ কৰিছে৷ ভাৰতৰ সৈতে এই গ্রুপত আছে ফুটবলৰ পাৱাৰ হাউছ ব্রাজিল, মৰক্কো আৰু আমেৰিকা৷ প্রতিযোগিতাখনত মুঠ ১৬টা দলে অংশগ্রহণ কৰিব৷ এই দলসমূহক চাৰিটা গ্রুপত ভাগ কৰা হৈছে৷ ভাৰতে গ্রুপ ‘এ’ৰ প্রথমখন মেচত আমেৰিকা যুক্তৰাষ্ট্রৰ বিৰুদ্ধে অৱতীর্ণ হ’ব ১১ অক্টোবৰত৷

উল্লেখ্য যে আয়োজক দেশ হিচাপে ভাৰতে প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰিছে আৰু ২০০৮ চনৰ পৰা আৰম্ভ হোৱা ১৬ বছৰ অনূর্ধ্ব মহিলা বিশ্বকাপত দেশখনে প্রথমবাৰৰ বাবে খেলাৰ সুযোগ লাভ কৰিছে৷ প্রতিটো গ্রুপৰ শীর্ষ দুটাকৈ দলে কোৱার্টাৰ ফাইনেললৈ উন্নীত হ’ব৷ ভাৰতে এই লক্ষ্যৰেই অৱতীর্ণ হ’ব যদিও তেওঁলোকৰ পথ অতিশয় কঠিন হ’ব৷ কিয়নো কোনো আয়োজক দেশে এইপর্যন্ত অনুষ্ঠিত ৬খন বিশ্বকাপৰ এখনতো ছেমিফাইনেল খেলিবলৈ সক্ষম হোৱা নাই৷ প্রতিখন প্রতিযোগিতাত আয়োজক দেশে গ্রুপ পর্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছে৷ ইউৰোপীয়ান দেশ জার্মানীয়ে বিগত ছয়খন বিশ্বকাপত খেলাৰ সুযোগ লাভ কৰা একমাত্র ইউৰোপীয়ান দেশ৷ গ্রুপ ‘বি’ত জার্মানীয়ে নাইজেৰিয়া, চিলি আৰু নিউজিলেণ্ডৰ বিপক্ষে খেলিব৷

আনহাতে, গ্রুপ ‘চি’ত স্থান লাভ কৰিছে স্পেইন, কলম্বিয়া, মেক্সিকো আৰু চীনে৷ সেইদৰে, গ্রুপ ‘ডি’ত প্রতিদ্বন্দ্বিতা আগবঢ়াব জাপান, তানজানিয়া, কানাডা আৰু ফ্রান্সে৷ প্রতিযোগিতাখন ২০২০ চনত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিডৰ বাবে এই বছৰলৈ পিছুৱাই দিয়া হয়৷ অহা ১১–৩০ অক্টোবৰলৈ ভাৰতৰ তিনিখন ষ্টেডিয়াম ক্রমে ভুবনেশ্বৰৰ কলিংগ, মাৰগাঁৱৰ পণ্ডিত জৱাহৰলাল নেহৰু আৰু নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

You might also like