নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত অমুছলমান সংখ্যালঘুৰ বাবে কেৱল চাফাই কৰ্মীৰ কাম !

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ পাকিস্তানত সংখ্যালঘুৰ দুৰ্দশাৰ প্ৰসংগ পুনৰবাৰে উত্থাপন কৰি ‘কা’বিৰোধীক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মঙলবাৰে দিল্লীত এনচিচি কেডেটৰ সমাৱেশত অংশগ্ৰহণ কৰি বিৰোধীসকল দলিত শ্ৰেণীৰ বিৰোধী বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, দেশবিভাজনৰ পাছত পাকিস্তান আৰু বাংলাদেশত বহু অমুছলমান ৰৈ গৈছিল । তেওঁলোকৰ হৈ চিন্তা কৰাৰ কথা পূৰ্বেও কৰা হৈছিল লগতে নেহৰু-লিয়াকত চুক্তিটো এই কথা আছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । যিসকল দলিত পাকিস্তান , বাংলাদেশ অথবা আফগানিস্তানত ৰৈ গৈছে তেওঁলোকৰ বাবে অনা হৈছে এই বিশেষ আইন । সেই সমূহ দেশত নিপীড়িত হৈ থকা দলিত সকলক এই আইনৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰা হ’ব বুলি কয় নৰেন্দ্ৰ মোডীয়ে ।

নিজৰ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী গৰাকীয়ে পাকিস্তান চাকৰিৰ এক বিজ্ঞাপনৰ কথা উল্লেখ কৰি কয় যে, পাকিস্তান সেনাই প্ৰকাশ কৰা চাফাই কৰ্মী নিয়োগৰ এক বিজ্ঞাপনত কেৱল অমুছলমান লোকক আবেদন কৰাৰ অনুমতি দিয়া হৈছে । মুঠৰ ওপৰত চাফাই কৰ্মী ৰূপে নিয়োগ কৰা হ’ব কেৱল দলিত শ্ৰেণীক । গতিকে তেনে ঘটনাৰ বাবেই এইসকল নিপীড়িত লোকৰ বাবে চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে বুলি উল্লেখ কৰে মোডীয়ে । এই ক্ষেত্ৰত চৰকাৰে কি অপৰাধ কৰিছে বুলিও প্ৰশ্ন কৰে মোডীয়ে ?

You might also like