নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ ২০০২ বৰ্ষত গুজৰাটৰ হিংসাৰ ঘটনাত জড়িত দোষী সাব্যস্ত ১৭ জনক চৰ্তসাপেক্ষে জামিন দিয়ে উচ্চতম ন্যায়ালয়ে । চৰ্ত হিচাপে গুজৰাটত প্ৰৱেশত বাধা থাকিব আটাইকেইজন দোষীৰ । অৱশ্যে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ অনুমতি দিয়া হৈছে দোষীকেইটাক । ইয়াৰ বাবে মধ্যপ্ৰদেশৰ জব্বলপুৰ আৰু ইন্দোৰ জিলা আইন কৰ্তৃপক্ষক ১৭ টা দোষীৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ।
উল্লেখ্য যে, ২০০২ বৰ্ষৰ গুজৰাট হিংসাত চৰ্দৰপুৰ গাঁৱত মৃত্যু হৈছিল ৩৩ জনকৈ মুছলমান লোকৰ । সেই একে বৰ্ষতে ২৭ ফেব্ৰুৱাৰীত গোধৰাৰ সবৰমতী এক্সপ্ৰেছত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগৰ ফলত উত্তপ্ত হৈ পৰে গুজৰাট । এই অগ্নিসংযোগৰ ফলত ৫৬ জন টিটি অগ্নিদগ্ধ হয় । ইয়াৰ পাচতেই গুজৰাটৰ বিভিন্ন অঞ্চলত সাম্প্ৰদায়িক হিংসা বিয়পি পৰাৰ লগতে তিনিদিনত মৃত্যু হয় এহাজাৰ মানুহ । যাৰ ভিতৰত অধিকাংশই আছিল মুছলমান ।