নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰস্বতী পূজা

সৰস্বতী পূজা মূলতঃ হিন্দু ধর্মৰ পূজা হ’লেও বাস্তৱ ক্ষেত্রত এই পূজাই ধর্মীয় পৰিসীমা অতিক্রম কৰি এটা সামাজিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু এই অনুষ্ঠানৰ মূল আয়োজক হ’ল ছাত্র সমাজ৷ হিন্দু ধর্ম মতে, সৰস্বতীক বিদ্যা, জ্ঞান আৰু শিক্ষাৰ দেৱী বুলি বিশ্বাস কৰা হৈ আহিছে আৰু অকল ভাৰতীয় পৰম্পৰাগত শিক্ষানুষ্ঠানতেই নহয়, ব্রিটিছৰ দ্বাৰা পৰিকল্পিত ভাৰতীয় শিক্ষানুষ্ঠানতো সৰস্বতী পূজাৰ প্রচলন হৈ আহিছে শিক্ষা ব্যৱস্থাৰ অকথিত অংগ হিচাপেই৷ এই পূজা সাধাৰণতে ছাত্রসকলেই আয়োজন কৰিছিল আৰু অধিকাংশ শিক্ষানুষ্ঠানতে তাত ধর্মৰ কোনো বাধা–নিষেধ নাছিল৷ বহু ঠাইত অইন ধর্মৰ ছাত্র–ছাত্রীয়ে প্রসাদ আদি লোৱা নাছিল, কিন্তু তাৰ বাহিৰে পূজাৰ উৎসৱৰ আন দিশবোৰত অংশগ্রহণ কৰিছিল আৰু সঁচা অর্থতে ই কেৱল ছাত্রৰ অনুষ্ঠান আছিল৷ এক অর্থত এই সৰস্বতী পূজা ছাত্রসকলৰ এক বার্ষিক অনুষ্ঠান আছিল আৰু শিক্ষাবর্ষৰ আৰম্ভণিতে এনে এক অনুষ্ঠান এটা মাংগলিক অনুষ্ঠান আছিল এটা সুন্দৰ আৰম্ভণিৰ প্রতীক৷ সময়ৰ গতিৰ লগত এই অনুষ্ঠানৰ কিছু পৰিৱর্তন ঘটিছে যদিও সামগ্রিকভাৱে এতিয়াও মূলতঃ ছাত্রৰ অনুষ্ঠান হৈয়েই আছে৷ বহুতো শিক্ষানুষ্ঠানত এই দিনটোত নানাধৰণৰ সৃজনীশীল কামৰ প্রদর্শন বা চর্চা কৰা হৈছিল, এতিয়াও সেই ব্যৱস্থা বহু ক্ষেত্রত অব্যাহত আছে যদিও শেহতীয়াভাৱে এই দিনটো ছাত্রীসকলৰ কিবা সৌন্দর্য চর্চাৰ দিনলৈ ৰূপান্তৰিত হৈছে৷ সৌন্দর্য চর্চা কোনো অপৰাধ বা বেয়া কথা নহয়, ইউনিফর্মৰ হেঁচাত থকা ছাত্রীসকলে এটা বিশেষ দিনত মূলতঃ পৰম্পৰাগত পোছাকৰ মাজেৰে সৌন্দর্য চর্চা কৰাটোকো অৱহেলা বা অসন্মানৰ চকুৰে চোৱাৰ কথা নাহে৷ কিন্তু সময়ৰ পৰিৱর্তনৰ কথাটো মনত ৰাখিও ছাত্র সম্প্রদায়ৰ এই বিশেষ দিনটোক নিজস্ব গৰিমাৰে উদ্যাপন কৰা কথাটোতহে অধিক গুৰুত্ব দিব লাগে৷

ভাৰতীয় সভ্যতাত বাণী আৰু কলাত্মক প্রকাশৰ এক প্রতীক হ’ল সৰস্বতী দেৱী৷ পূজা–র্চনাৰ দিশটো বাদ দিলেও সৰস্বতীক স্বর্গীয় সৌন্দর্য, সত্য, সৃজনীশীলতাৰ দৃষ্টিৰে গ্রহণ কৰিলে যুগ যুগ ধৰি চলি অহা এই বিশ্বাসৰ গূঢ়ার্থত প্রৱেশ কৰিব পাৰি৷ এটা কথা মন কৰিব লাগে যে সৰস্বতী পূজাৰ প্রচলিত আৰাধনা পদ্ধতি মূলতঃ আডম্বৰবিহীন, বাহুল্যতা বর্জিত আৰু সকলো দিশৰ পৰাই শান্ত আৰু সৌম্য৷ বিদ্যাৰ আৰাধনা, বাকশক্তিৰ আৰাধনা আৰু সৃজনীশীলতাৰ আৰাধনাৰ ই সঠিক প্রতিনিধি৷ আৰু অকল ইমানেই নহয়, ই নাৰীশক্তিৰো প্রতিনিধি৷ ছাত্র আৰু সৃজনীশীল লোকৰ সাধনাৰ প্রতীক হিচাপে যুগ যুগ ধৰি চলি অহা এই সামাজিক আচাৰক একবিংশ শতিকাৰ পৰিৱেশৰ স’তে খাপ খুৱাই আগবঢ়াই নিব লাগিব, এয়া সময়ৰ দাবী৷ অত্যাধুনিক মনোবিজ্ঞানীসকলে ব্যক্তিৰ মানসিকতাৰ উত্তৰণৰ বাবে ধ্যান বা মেডিটেচনৰ যি পৰামর্শ দিয়ে, এই সৰস্বতী পূজাও একধৰণৰ ধ্যান৷ সৰস্বতীৰ মুখমণ্ডলক তুলনা কৰা হয় পূর্ণচন্দ্রৰ পৰিপূর্ণ স্নিগ্ধতাৰ স’তে, হাতত লৈ থকা বীণাখন অকল সংগীতৰে প্রতীক নহয়, ই সময় আৰু স্থানৰ সীমা অতিক্রমি মহাজাগতিক পৰিৱেশত সৃষ্টি কৰা কম্পন আৰু অনুৰণনৰ প্রতীক আৰু কিতাপখন হ’ল অজ্ঞানতাবিৰোধী শক্তিৰ প্রতীক৷ এনে দৃষ্টিৰে চালে সৰস্বতীক ধর্মীয় বিশ্বাসৰ সীমা অতিক্রম কৰি মানৱ সভ্যতাৰ এক অংগ হিচাপে অনুভৱ কৰিব পাৰি৷ সৰস্বতী পূজা যেন ছাত্র–ছাত্রীৰ পৰীক্ষাত ভাল নম্বৰ পোৱাৰ বাবে কৰা আৰাধনা নহয়, ই যেন জ্ঞান আৰু সৃজনীশীলতাৰ আৰাধনাৰ এটা উৎসৱ, এটা দিৱস, তেনেদৰে উদ্যাপন কৰাৰ ব্যৱস্থা কৰিব লাগে৷ ছাত্রৰ বাবে কাম কৰা আৰু ছাত্রৰ বিষয়ে ভবা সংগঠনবোৰে এই দিশত কথাটো ভাবি সৰস্বতী পূজাক একবিংশ শতিকাৰ ছাত্র–ছাত্রীৰ বাবে বিদ্যা আৰু সৃজনীশীলতাৰ এটা উৎসৱ হিচাপে প্রতিষ্ঠা কৰাটো সামগ্রিক বিদ্যায়তনিক পৰিৱেশৰ বাবে গুৰুত্বপূর্ণ৷

You might also like