নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুযুধান চীনৰ বিৰুদ্ধে সমৰ প্রস্তুতি টাইৱানৰ

বিশেষ বাৰ্তা, ১৯ আগষ্টঃ নির্দিষ্ট সময়সীমা উকলি যোৱাৰ পিছতো টাইৱানক ঘেৰি ধৰি সামৰিক অনুশীলন চলাই অছে চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পিএলএ)৷ এনে পৰিস্থিতিত চীনৰ সম্ভাব্য অক্রমণৰ প্রতিৰোধৰ বাবে প্রস্তুতি চলাইছে টাইৱানে৷ টাইৱানে চূড়ান্ত সামৰিক প্রস্তুতি আৰম্ভ কৰা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে৷ চীনা বায়ুসেনাৰ ‘ষ্টেলথ এয়াৰ ছুপিৰি’ৰিটী ফাইটাৰ’ জে–২০ৰ মোকাবিলা কৰিবলৈ এইবাৰ আমেৰিকাত নির্মিত অত্যাধুনিক যুদ্ধবিমান এফ–১৬ভি মোতায়েন কৰা বুলি ঘোষণা কৰিছে টাইৱানৰ সেনাই৷ টাইৱানৰ বায়ুসেনাৰ তৰফৰ পৰা কালি পূব হুৱালিয়ন কাউণ্টিৰ এক বিমান ঘাটিত সমৰ প্রস্তুতিৰ ছবি মুকলি কৰি দিয়া হৈছে৷ এই ছবিত দেখিবলৈ পোৱা গৈছে ৰণতৰী বিধ্বংসী ক্ষেপণাস্ত্রসজ্জিত এফ–১৬ভি যুদ্ধবিমান৷ দ্বীপৰাষ্ট্র টাইৱানে চীনৰ সাগৰীয় অঞ্চলত চৌদিশৰ পৰা নজৰ ৰখা বুলিও সংবাদ মাধ্যমক জনাইছে৷ অস্ত্রসজ্জিত ছখন যুদ্ধবিমানে নিশাৰ ভিতৰত টহলদাৰী উৰণো চলাই আছে৷ টাইৱানৰ প্রতিৰক্ষা দপ্তৰৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে চীনা কমিউনিষ্ট বাহিনীৰ আগ্রাসনৰ সন্মুখত দেশৰ সার্বভৌমত্ব ৰক্ষাৰ বাবে যুদ্ধৰ প্রস্তুতি চলোৱা হৈছে৷ অর্থাৎ চীনক প্রত্যাক্রমণ কৰিবলৈ সাজু হৈছে টাইৱান৷ মার্কিন কংগ্রেছৰ নিম্ন সদনৰ অধ্যক্ষ নানচি পেল’ছিয়ে টাইৱান ভ্রমণ কৰাৰ পিছতে চীন আৰু টাইৱানৰ মাজত মতানৈক্য তীব্রতৰ হৈছে৷ আনকি টাইৱানৰ ওপৰত কঠোৰ বাণিজ্যিক নিষেধাজ্ঞাও আৰোপ কৰিছে বেইজিং প্রশাসনে৷ শেহতীয়াকৈ চীনে টাইৱানৰ চৌদিশে বৃহত্তম সামৰিক অনুশীলন আৰম্ভ কৰাৰ লগে লগে যুদ্ধৰ আশংকা ঘনীভূত হৈ পৰে৷ চাৰিদিনীয়া এই সামৰিক অনুশীলনৰ সময়সীমা উকলি যোৱাৰ পিছতো টাইৱানক ঘেৰি আছে চীনে৷ গতিকে প্রতিৰোধী যুদ্ধৰ বাবে সাজু হৈছে টাইৱান৷

You might also like