(১) আমাৰ সনাতন–পুৰাতন সংস্কৃতিৰ গৌৰৱোজ্জ্বল প্রতীক উমানন্দ মোগল জন্ম হোৱাৰ অযুত বছৰ আগতেহ প্রতিষ্ঠিত৷ কালিকা পুৰাণত ই বর্ণিত৷ গুপ্তযুগৰ শেষৰছোৱাত শিলৰ স্থাপত্য নির্মিত হৈছিল৷ লগতে জনাব বিচাৰিছোঁ যে হিন্দুস্তান, ইণ্ডিয়া বা ভাৰতবর্ষ, আমাৰ মাতৃভূমিক যি নামেৰেই নামাতক কিয় এই অখণ্ড ভাৰতবর্ষ মোগলে গঢ়া নাছিল৷ ইতিহাসে ঢুকি পোৱাৰ আগৰে পৰা মহাকাব্যিক যুগতে মহান ভাৰতবর্ষ বিশ্বগুৰু ৰূপে প্রতিষ্ঠিত আছিল৷ ভাৰতত মোগলতো সৌসিদিনাৰ৷
(২) মোগলৰ আক্রমণত উমানন্দ বিধবস্ত হৈছিল৷ স্বর্গদেড গদাধৰ সিংহহ ইয়াৰ পুনর্নির্মাণ কৰোৱাইছিল৷
(৩) মোৰ পৈতৃকভেটিৰ ঘৰটোৰ কোঠা এটা খালেক ডাঙৰীয়াই মোক দান দিছোঁ বুলি ক’লে যিদৰে হাস্যস্পদ হ’ব, উমানন্দবা উর্বশী দ্বীপ সেইদৰে কোনোবা চুলতান–নবাবে অসমবাসীক দান দিছে বুলিলে একেই কৌতুক হ’ব৷ উর্বশী বা ময়ূৰপংখী দ্বীপ লুহতৰ বুকুত অনাদিকালৰে পৰা স্থিত৷ বহু সভ্যতা ওপজাৰ আগৰে পৰাই৷ কামৰূপৰে সম্পদ কামৰূপকে কোনোবাই কিদৰে দান কৰিব পাৰে?
(৪)বুৰঞ্জীৰ বেদনাদায়ক পৃষ্ঠা মানুহে পাহৰিব বিচাৰে৷ জিজিয়া কৰ, বলপূর্বক ধর্মান্তৰকৰণ, লক্ষাধিক সনাতনী পীঠস্থানৰ ধ্বংসকৰণ, অসমৰ দৰে শান্তিপূর্ণ ৰাজ্যক বাৰম্বাৰ আক্রমণ, চুলতানৰ হেৰেমলৈ আমাৰ ৰমণী গাভৰুকে ধৰি হাজাৰ হাজাৰ কন্যাক বলপূর্বকভাৱে লৈ যোৱা কার্যৰ কথা পতাতকৈ অৱশ্যে খালেক ডাঙৰীয়াই কোৱাৰ দৰে কুটুবমিনাৰ, তাজমহলৰ কথা পতাই শ্রেয়৷ কাৰণ সেইবোৰত সুন্দৰ স্থাপত্যৰ বাদেও আন প্রান্তৰ দৰে আমাৰ অসমৰ পৰা লৈ যোৱা সম্পদ বা ধনৰাশিও নিয়োজিত হৈ আছে৷ ইয়াত জাতি–ধর্ম নির্বিশেষে লক্ষজনৰ ঘাম আৰু তেজ সমাহিত হৈ আছে৷
(৫) পিছে পাহৰিব খুজিলেও লাচিত–আতন কালৰ আলাবৈ ৰণত আক্রমণকাৰী মোগলৰ হাতত প্রাণ আহুতি দিয়া এক অযুত অসমীয়া সেনাৰ কথাহে দেখোন পাহৰিব নোৱাৰি৷ বেয়া নাপাব, আলাবৈক অসমীয়াই বুকুত ৰাখে৷
(৬) খালেক ডাঙৰীয়া, এতিয়া অসমৰ প্রতিটো জাতি–জনগোষ্ঠী, ধর্ম–সম্প্রদায়ে হাতে হাত ধৰি এক বিকশিত অসম তথা বিশ্বগুৰু ভাৰত নির্মাণত ব্রতী হৈছে৷ তেনে এক ইতিবাচক পৰিৱেশত মোগল–ৰোহিংগীয়া আদি প্রসংগেৰে সাম্প্রদায়িক বিষবাষ্প বিলোৱা কার্য ধিক্কাৰজনক নহয়নে? বর্তমান জনগণে ‘সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস’ নীতিৰে আগুৱান৷ অনুগ্রহ কৰি সম্প্রীতি আৰু প্রগতিৰ এই যাত্রাত সনাতন সংস্কৃতিক অপমান কৰি, কেৱল ভোটৰ বাবে কংগ্রেছৰ স্বভাৱজাত আঁহফলা ৰাজনীতি কৰি পৰিৱেশ কলুষিত নকৰিব৷ অৱশ্যে বিগত নির্বাচনসমূহত দেশী–গৰিয়া–মৰিয়া– আদি খিলঞ্জীয়া ৰাহজে মিত্রজোঁটক আগবঢ়োৱা ব্যাপক সমর্থনে কংগ্রেছ–এআইইউডিএ মিত্রজোঁটক ত্রস্তমান কৰাটো তেনেহ স্বাভাৱিক৷
৭) ৰোহিংগীয়াৰ বাবে সর্বোচ্চ আৰু সর্বস্ব ত্যাগ কৰিবৰ বাবে অংগীকাৰ কৰাৰ স্বাধীনতা হয়তো আপোনাৰ আছে, মোগলৰ গুণানুকীর্তন কৰাৰ অধিকাৰো আপোনাৰ নিশ্চয় আছে৷ অহা ২০২৬ চনৰ ২০ এপ্রিলত উজবেকিস্তানৰ পৰা আহি বাবৰে মোগল চুলটানেট প্রতিষ্ঠা কৰাৰ ৫০০ বছৰ পূর্ণ হ’ব৷ আপোনাৰ নেতৃত্বত কংগ্রেছ–এআইইউডিএ উলহ–মালহেৰে এই দিৱস উদযাপন কৰিব পাৰে৷ আমি পিছে ড০ হিমন্ত বিশ্ব শর্মাদেৱৰ উদ্যোগত ২০২৬ত সুধাকণ্ঠৰ জন্ম শতবর্ষহে উদযাপন কৰিম, এইবছৰ মহাবীৰ লাচিতৰ ৪০০ বছৰ উদযাপন কৰাৰ দৰেই৷