শ্বাৰ্জিলৰ স্বীকাৰ আলিগড়ত দিছিল বিচ্ছিন্নতাবাদী মন্তব্য
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ নাগৰিকত্ব আইনক লৈ বিচ্ছিন্নতাবাদী মন্তব্য দিয়াক লৈ জেএনইউৰ ছাত্ৰ আৰু ৰাজদ্ৰোহত অভিযুক্ত শ্বাৰ্জিল ইমামে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে এম ইউত দিয়া উত্তেজনা মূলক ভাষণ দিয়া ব্যক্তিজন তেওঁয়ে। দিল্লীৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অনুসন্ধানত আলিগড়ত দিয়া উত্তেজনা মূলক ভাষণ যত গোচৰ ৰুজু হৈছে সেই ভাষণটো শ্বাৰ্জিলেই । উক্ত ভাষণটো কোনো ধৰণৰ বিকৃত হোৱা নাই।
অপৰাধ অনুসন্ধান শাখাৰ বিষয়া সকলৰ মতে শ্বাৰ্জিলে ভাবি চিন্তিয়েই ভাষণ দিছে।শ্বাৰ্জিলৰ সোধ পোচৰ সম্পূৰ্ণ ভিডিঅ ৰেকডিং কৰা হৈছে। লগতে শ্বাৰ্জিলে কয় যে সেই ভাষণটোক লৈ কোনো ধৰণৰ অনুশোচনা নাই আৰু কাক লৈ বিৰোধ অব্যাহত ৰাখিব।