নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: চীনৰ পৰা অন্য দেশলৈ বাণিজ্য ওভতাই নিয়াৰ চিন্তা–চর্চা চলাইছে বহু প্রযুক্তি সংস্থাই৷ এপল’ গুগুলৰ দৰে একাধিক সংস্থাই চীনত উৎপাদন কম কৰিবলৈ সিদ্ধান্ত লৈছে৷ আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে নতুন স্মার্ট ফোন বজাৰলৈ আনিব বিচাৰে এই দুটা সংস্থাই৷ কিন্তু এই সংস্থা দুটাৰ উপৰি অন্য কেইবাটাও প্রযুক্তি সংস্থাই চীনত নতুন স্মার্ট ফোন উৎপাদন নকৰাৰ সিদ্ধান্ত লৈছে৷ চীনৰ বিপৰীতে এই সংস্থাসমূহে বিকল্প দেশ হিচাপে ভাৰতত নতুন স্মার্ট ফোন উৎপাদন কৰাৰ চিন্তা–চর্চা চলাইছে৷ বিভিন্ন সংস্থাৰ এনে সিদ্ধান্তৰ ফলত হঠাতে চীনৰ প্রযুক্তিৰ বাণিজ্যলৈ সংকট নামি অহাৰ আশংকাই দেখা দিছে৷
লক্ষণীয়ভাৱে চীনৰ পৰা এই সংস্থাবোৰে উৎপাদন ক্ষেত্র উঠাই অন্য দেশত স্থাপন কৰিলে প্রযুক্তি বাণিজ্যত চীনৰ সৈতে থকা সম্পর্কৰো বিচ্ছেদ ঘটিব পাৰে৷ এপল’ৰ নতুন আইফোন এতিয়া চীনত উৎপাদন নহ’ব বুলি সংস্থাটোৱে ঘোষণা কৰিছে৷ ইয়াৰ বিপৰীতে আইফোনৰ আংশিক উৎপাদন ভাৰতত হ’ব বুলি সংস্থাটোৰ তৰফৰ পৰা ইংগিত দিয়া হৈছে৷ সেইদৰে গুগুলৰ পিস্কেল ফোনৰ উৎপাদনৰ বাবে চীনৰ বিকল্প হিচাপে বাছি লোৱা হৈছে ভিয়েটনামক৷ ক’ৰোনা মহামাৰীৰ সময়ৰে পৰা বাণিজ্যিক ক্ষেত্রত ৱাশ্বিংটন আৰু বেইজিঙৰ মাজত তীব্র সংঘাত চলি আহিছে৷