নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় খাদ্যপ্রিয় ব্রিটিছ দম্পতীয়ে নিজ সন্তানৰ নাম দিলে ‘পকোৰা’

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: ‘পকোৰা’ ভাৰতৰ গৰিষ্ঠসংখ্যক লোকৰেই তেলত ভজা অতি জনপ্রিয় খাদ্য৷ কিন্তু এই পকোৰা যে কাৰোবাৰ নাম হ’ব পাৰে সেয়া কল্পনাতীত৷ এক ব্রিটিছ দম্পতীয়ে ভাৰতীয় এই খাদ্যৰ নামেৰে নিজৰ সদ্যজাতৰ নাম ৰাখিছে ‘পকোৰা’৷ সদ্যজাত পকোৰাক লৈ এতিয়া নেট মাধ্যমত সৃষ্টিও হৈছে আলোড়ন৷ আয়াৰলেণ্ডৰ নিউটাউনএবেত এখন ৰেস্তোৰাঁ আছে৷ সেই ৰেস্তোৰাঁত প্রতিদিনে ব্রিটিছ দম্পতীয়ে খাবলৈ যায়৷ ৰেস্তোৰাঁখনলৈ গৈ গৈ তেওঁলোকৰ মনত আহে সদ্যজাতৰ নাম কোনো খাদ্যবস্তুৰে ৰাখিব৷ ৰেস্তোৰাঁখনত দম্পতীৰ প্রিয় খাদ্য হৈছে পকোৰা৷ গতিকে এই নামেৰে অনুপ্রাণিত হৈ নিজ সন্তানৰ নাম ৰাখিলে পকোৰা৷ নিজ কন্যা সন্তানৰ নাম এনেদৰে পকোৰা ৰাখি ৰেষ্টুৰেণ্টখন আৰু শিশুটিৰ ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে এই দম্পতীয়ে৷ মানৱ পকোৰাৰ জন্ম ২৪ আগষ্টত৷ ইফালে নেট মাধ্যমত এই খবৰ বিয়পি পৰাৰ লগে লগে বিষয়টোক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্ন মনগ্রাহী মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে৷

You might also like